ল’জান ডায়মণ্ড লীগত প্ৰথম স্থান লাভ নীৰজ চোপ্ৰাৰ

Pc The Hindu

ল’জান ডায়মণ্ড লীগত প্ৰথম স্থান লাভ নীৰজ চোপ্ৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অলিম্পিকত সোণৰ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই নিজৰ কেৰিয়াৰত তৃতীয়বাৰৰ বাবে ৮৯ মিটাৰৰ সীমা অতিক্ৰম কৰি ল’জান ডাইমণ্ড লীগত প্ৰথম স্থান দখল কৰে। আঘাতৰ বাবে কমনৱেলথ গেমছ ২০২২ত খেলিব নোৱাৰি খেলপথাৰলৈ উভতি আহি ল’জান ডাইমণ্ড লীগত দুৰন্ত প্ৰদৰ্শন কৰি প্ৰথম স্থান অৰ্জন কৰিলে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই। ২৪ বছৰীয়া নীৰজ চোপ্ৰাই প্ৰথম স্থান লাভ কৰাৰ প্ৰথম প্ৰয়াসত ৮৯.০৮ মিটাৰ শ্ৰেষ্ঠ থ্ৰো পঞ্জীয়ন কৰে। প্ৰথম স্থান লাভ কৰি নীৰাজে অহা মাহত জুৰিখত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।