লকডাউনৰ সময়ত জুৱা খেলৰ মাজত আৰক্ষীৰ প্ৰহাৰত মৃত্যু

pc NDTV

অনলাইন বাৰ্ত্তাসেৱা – বুধবাৰে সন্ধিয়া মধ্য অসমৰ নগাঁও জিলাত লকডাউনৰ সময়ত আৰক্ষীৰ প্ৰহাৰৰ ফলত এজন লোকৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ কঢ়িয়াই লৈ, উত্তেজিত জনতাই আৰক্ষী থানা ঘেৰি ধৰিছিল আৰু প্ৰতিবাদ কৰিছিল। উেত্তজিত লোকে কেইবাখনো আৰক্ষীৰ বাহনৰ ক্ষতিগ্ৰস্ত কৰে। আৰক্ষীয়ে লাঠি ব্যৱহাৰ কৰিছিল আৰু জনতাক ছত্ৰভঙ্গ কৰিবলৈ শূণ্যত গুলী চালনা কৰিছিল। বৰ্তমান ৰূপহীহাটৰ এই এলেকাত পৰিৱেশ অত্যন্ত উত্তেজনাপূৰ্ণ হৈ আছে।
আৰক্ষীয়ে দাবী কৰা মতে, ৰূপহীহাট মহকুমাৰ অন্তৰ্গত গাৰেকি নামৰ এখন গাঁৱত অবৈধ জুৱা চলি আছিল। যেতিয়া আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাইছিল, লোকসকল পলাই যায় আৰু তেওঁলোকৰ এজন জলাশয়ত পৰি মৃত্যুবৰণ কৰিছিল।
স্থানীয় লোকসকলে অভিযোগ কৰে যে আৰক্ষী নিয়মীয়া টহলৰ বাবে আহিছিল আৰু তেতিয়া তেওঁলোকে লোকসকলক লকডাউন উলংঘা কৰাৰ বাবে তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। সেই সময়ত মানুহবোৰে ক্ৰিকেট খেলি আছিল। স্থানীয় লোকৰ মতে এয়া আৰক্ষীৰ বৰ্বৰতা।