লংকেশ্বৰৰ গণেশ মন্দিৰ প্ৰাংগণত জন্মাষ্টমীৰ আয়োজন

pc-patrika

লংকেশ্বৰৰ গণেশ মন্দিৰ প্ৰাংগণত জন্মাষ্টমীৰ আয়োজন

অনলাইন বাৰ্ত্তাসেৱা– ২৯ আৰু ৩০ আগষ্টত মহানগৰীৰ পশ্চিম জালুকবাৰীৰ লংকেশ্বৰস্থিত শ্ৰীশ্ৰী গণেশ মন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব হিন্দু পৰিষদৰ জালুকবাৰী প্ৰখণ্ডৰ উদ্যোগত জন্মাষ্টমী উদযাপনৰ আয়োজন কৰা হৈছে। জালুকবাৰী প্ৰখণ্ডৰ সভাপতি হৰেন চন্দ্ৰ দাস আৰু সম্পাদক অৰূপ বৈশ্যই এই সন্দৰ্ভত জানিবলৈ িয়া মতে জন্মাষ্টমী কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ২৯ আগষ্টৰ বিয়লি ৩.৩০ বজাত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু ‘খ’ শাখাত অষ্টম শ্ৰেণীৰ পৰ দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাৰ প্ৰথম তিনিগৰাকী প্ৰতিযোগীক প্ৰয়াত সুমিত্ৰা বালা দাস আৰু প্ৰয়াত বাসন্তী বালা ঠাকুৰীয়া সোঁৱৰণী বটাঁৰ লগতে একেখন মানপত্ৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱা হ’ব। আনহাতে ৩০ আগষ্টৰ পুৱা ১০ বজাত বৃক্ষৰোপণ, ১১ বজাত ভেশছন(শ্ৰীকৃষ্ণৰ ৰূপ) প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দিনৰ ১২ বজাত আয়তীসকলৰ মাজত নাম-প্ৰসংগ, ১বজাত অনুষ্ঠিত হ’ব বটাঁ বিতৰণী সভা। সভাত উপস্থিত থাকিব বিশ্ব হিন্দু পৰিষদৰ জালুকবাৰী প্ৰখণ্ডৰ প্ৰভাৰী মুন ডেকা, মহানগৰ জিলা সমিতিৰ সভাপতি শুভ বৰা, উপ-সভাপতি বিনয়কৃষ্ণ ঠাকুৰীয়া সম্পাদক চন্দন ৰাভা।

(R.T)