যোৰহাটত লোক কল্যাণ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা, জিলাখনৰ ৪ গৰাকী কৰ্মচাৰীক লোক সেৱা বঁটা প্ৰদান

যোৰহাটত লোক কল্যাণ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা, জিলাখনৰ ৪ গৰাকী কৰ্মচাৰীক লোক সেৱা বঁটা প্ৰদান

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই  যোৰহাট জিলাত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত লোক কল্যাণ দিৱসৰ অনুস্থানত মুখ্য অতিথি হিচাপে অংশ লৈ জিলাখনৰ পৰা লোক সেৱা বঁটা লাভ কৰা চাৰিওজন কৰ্মচাৰীকে বঁটা প্ৰদান কৰে । যোৰহাট জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত অনুস্থিত অনুস্থানটোত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱনৰ ওপৰত আলোকপাত কৰে । দেশৰ স্বাধীনতা আন্দোলনত গোপীনাথ বৰদলৈৰ অৱদানৰ কথা সোঁৱৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰদলৈদেৱ নথকাহ’লে আজি হয়তো অসমৰ মানচিত্ৰই বেলেগ হৈ থাকিলেহেঁতেন । দেশ বিভাজনৰ সময়ত অসমক পূৱ পাকিস্তানত অন্তৰ্ভূক্ত কৰাৰ বাবে একাংশ পূৰ্ববংগীয় মূলৰ নেতাই উঠি পৰি লগাৰ সময়তে গোপীনাথ বৰদলৈৰ দৰে নেতাৰ সক্ৰিয় আৰু বিচক্ষণ ভূমিকাৰ বাবেহে অসমখন ভাৰতবৰ্ষৰ অংশ হৈ থাকিল, মন্ত্ৰীগৰাকীয়ে কয় । এইজন মহান নেতাক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰে ১৯৯৯ চনত ভাৰতৰত্ন বঁটাৰে সন্মান জনাইছিল । উল্লেখযোগ্য যে বিগত বৰ্ষত চৰকাৰ গঠন কৰাৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ তিৰোভাৱ দিৱসক লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰিব বুলি ঘোষণা কৰিছিল আৰু একেদিনাই ৰাজ্যখনৰ নিষ্ঠাবান চৰকাৰী কৰ্মচাৰীসকলক লোক সেৱা বঁটাৰে সন্মানীত কৰিব বুলিও ঘোষণা কৰিছিল । আজি জিলা পৰ্যায়ত ৰাজ্যখনৰ মুঠ ৮৯ গৰাকী আৰু ৰাজ্যিক পৰ্যায়ত ১০ গৰাকী কৰ্মচাৰীক লোক সেৱা বঁটাৰে সন্মানীত কৰা হয় । যোৰহাটত মন্ত্ৰী হাজৰীকাই চাৰি গৰাকী কৰ্মচাৰী ক্ৰমে বিৰেন চন্দ্ৰ বৰা, ৰাজেন বৰা, শুঞ্জনন শ্যাম আৰু অৰুণ জ্যােতি গগৈক বঁটা প্ৰদান কৰে । এই বঁটা প্ৰদানে সকলো কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ উৎসাহিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । এই বঁটাপ্ৰাপ্ত কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ এবছৰ বৃদ্ধি কৰাৰ লগতে নগদ ২৫০০০/- টকা আৰু স্মাৰকেৰে সন্মান জনোৱা হয় । ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ হোৱাকৈ বহুখিনি প্ৰশাসনীয় সংস্কাৰ কৰা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতি মাহৰ ১০ তাৰিখে বিভিন্ন পেঞ্চন প্ৰদান, চালকৰ অনুজ্ঞাপত্ৰৰ অনলাইন ব্যৱস্থা, মিচ্যন বসুন্ধৰা তথা মিচ্যন ভূমিপুত্ৰ আদি প্ৰশাসনীয় সংস্কাৰমূলক আঁচনিৰ বিষয়ে বৰ্ণনা কৰে । জনকল্যাণমূলক এই আঁচনিসমূহ ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক সদিচ্ছা আৰু প্ৰয়াসৰ বাবেহে সম্ভৱ হোৱা বুলি মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে ।যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি বক্তব্য প্ৰদান কৰা আজিৰ অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী, মৰীয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যােতি কুৰ্মী, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোঁহাই ৰাজকোঁৱৰ, পৰিবেশ আৰু বন কৰ্মী পদ্মশ্ৰী যাদৱ পায়েং আৰু পদ্মশ্ৰী লখিমী বৰুৱাও সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল ।