যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

Pc india.com

যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটত ৰজাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।ছাত্ৰক অপহৰণ কৰি ৫০ লাখ টকা মুক্তিপণ দাবী।বুধবাৰে ৰেল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এগৰাকী যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে।দুৰ্বৃত্তই অপহৃতৰ মুক্তিপণ হিচাপে পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ দাবী কৰে।অৱশ্যে পাছলৈ উক্ত ধনৰ পৰিমাণ ৫লাখ টকালৈ হ্ৰাস কৰা বুলি জানিব পৰা গৈছে।ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে।অমৰজিৎ প্ৰসাদ ৰ ঘৰ যোৰহাটৰ বাঁহবাৰীত আৰু তেওঁ এগৰাকী ঠিকাদাৰ পুত্ৰ।