মৰ্চাৰ নৱনিযুক্ত বিষয়ববীয়াসকলৰ লগত  ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ  বৈঠক

pc-Facebook

 মৰ্চাৰ নৱনিযুক্ত বিষয়ববীয়াসকলৰ লগত  ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ  বৈঠক

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই ৰাজ্যিক মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদকৰ সম্পাদক আৰু মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী সকলৰ সৈতে এক মত বিনিময় আৰু সাংগঠনিক সভা অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যিক বিজেপিৰ মৰ্চাসমূহৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত ভাষণ দি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মৰ্চাৰ সমূহ কাৰ্যকৰ্তাক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ক্লেদ্রায় চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা কল্যাণকামী আঁচনি তথা কৰ্মৰাজী ৰাইজৰ মাজলৈ কঢ়িয়াই নিবলৈ আহ্বান জনায়৷ লগতে মৰ্চাৰ নৱনিযুক্ত বিষয়ববীয়াসকলে সেৱাৰ মনোভআবেৰে দল তথা ৰাইজৰ স্বাৰ্থত সক্ৰিয়তাৰে কাম কৰি যাব বুলি তেওঁ আশা প্রকাশ কৰে।

 

(RT)