সুস্মিতা দেৱ হʼব ৰাজ্যসভাৰ সাংসদ

pc- News 18

সুস্মিতা দেৱ হʼব ৰাজ্যসভাৰ সাংসদ

অনলাইন বাৰ্ত্তাসেৱা- সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুদায়িত্বত থাকি দল এৰা সুস্মিতা দেৱে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰতিনিধি হিচাপে দিল্লীলৈ যাব।জানিব পৰামতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। সূত্ৰটোৱে জনোৱা অনুসৰি সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছলৈ যোৱাৰ প্ৰধানকেইটামান চৰ্তৰ ভিতৰত ৰাজ্যসভালৈ নিৰ্বাচিত কৰাটো অন্যতম আছিল। এই চৰ্ত অনুসৰিয়ে সুস্মিতা দেৱে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। এইগৰাকী নেত্ৰীক ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত কৰি অসম তথা ত্ৰিপুৰাত দলৰ প্ৰভুত্ব অধিক বিস্তাৰিত কৰিব বিছাৰিছে মমতা বেনাৰ্জীয়ে। ৰাজ্যসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে যাৱতীয় নথি-পত্ৰ মজুত কৰাত তৎপৰ হৈ পৰিছে সুস্মিতা দেৱ।

 

(RT)