” মেলডী কুইন ” লতা মঙ্গেশকাৰ- হিমাদ্ৰী বৰকটকী

pc. Free Press Journal

” মেলডী কুইন ” লতা মঙ্গেশকাৰ

লতা মঙ্গেশকাৰ যাৰ কণ্ঠই যাদু । সুৰ সম্ৰাজ্ঞী লতা মঙ্গেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত । তেওঁৰ পিতৃৰ নাম আছিল পণ্ডিত দীননাথ মঙ্গেশকাৰ । তেখেত এগৰাকী মাৰাঠী সঙ্গীতজ্ঞ আৰু মঞ্চাভিনেতা আছিল। লতা মঙ্গেশকাৰৰ মাকৰ নাম আছিল শেৱান্তি মঙ্গেশকাৰ । লতা মঙ্গেশকাৰ ১৩ বছৰ হওঁতেই দেউতাকৰ মৃত্যু হৈছিল। লতা মঙ্গেশকাৰৰ তিনিগৰাকী ভনীয়েক আৰু এজন ভায়েক আছিল । দেউতাকৰ মৃত্যুৰ পিছত মাক আৰু ভনীয়েক , ভায়েক তথা ঘৰৰ সমস্ত দায়িত্ব লতা মঙ্গেশকাৰ ওপৰত পৰিল। তেতিয়াৰ পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰিলে । তেওঁ কণ্ঠকেই তেওঁৰ পেচা হিচাবে লৈ বহুত কষ্ট কৰি উপাৰ্জনেৰে ঘৰখন চলাইছিল। সঁচাই তেওঁৰ কণ্ঠত যাদু আছিল। লতা মঙ্গেশকাৰে পিছত বোলছবিত গান গাবলৈ সুবিধা পালে আৰু পিছলৈ তেওঁ বহুত ভাল ভাল হিন্দী বোলছবিত গান গায় । অসমীয়া বোলছবিতো ভূপেন হাজৰিকাৰ লগত তেওঁ গান গাইছিল ।
লতা মঙ্গেশকাৰৰ ভনীয়েক আশা ভোঁসলে ,ঊষা মঙ্গেশকাৰ , মীনা গাড়িকাৰ আৰু ভায়েক হৃদয়নাথ মঙ্গেশকাৰো প্ৰখ্যাত গায়ক গায়িকা।
লতা মঙ্গেশকাৰক “Queen of melody” বুলি কোৱা হয়। যাৰ মাতৰ তুলনা নাই এই পৃথিৱীত। যি গৰাকী সংগীতৰ ৰাণীয়ে আমাক দি থৈ গৈছে সহস্ৰ সুৰিয়া গান। লতা মঙ্গেশকাৰে ৩৬ টা ভাৰতীয় ভাষাত কণ্ঠদান কৰিছিল , প্ৰায় ২৫ হাজাৰ গানত ।তেওঁ ১,০০০ খনৰো অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল । “এ মেৰে ৱতন কে লোগোঁ ” লতা মঙ্গেশকাৰে গোৱা এটা চিৰস্মৰণীয় দেশপ্ৰেমমূলক গীত ।
লতা মঙ্গেশককাৰক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন , পদ্মভূষণ , পদ্মবিভূষণ , দাদা চাহেব ফাল্কে বঁটা , ৰাজীৱ গান্ধী বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ বহুটো সন্মানেৰে বিভূষিত হৈছিল।
শেহতীয়াকৈ তেওঁ কভিডৰ সংক্ৰমণ ধৰা পৰাত ৮ জানুৱাৰীত তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু লগতে তেওঁৰ নিউম’নিয়া ও হৈছিল । অৱশেষত লতা মঙ্গেশকাৰে নিয়তিৰ ওচৰত হাৰ মানিলে । ৬ /২/ ২০২২ তাৰিখে পূৱা ৮ -১২ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰি আমাৰ মাজৰ পৰা স্বৰ্গ ধামলৈ গতি কৰিলে । মৃত্যুৰ সময়ত লতা মঙ্গেশকাৰৰ বয়স হৈছিল ৯২ বছৰ । লগে লগে সংগীত জগতৰ এক সোনালী অধ্যায়ৰ অৱসান ঘটিল । ভাৰতৰ জনগণৰ কাৰণে এক অপূৰণীয় ক্ষতি হয় ৰʼল , ভাৰতৰ”নাইটিংগেল” খ্যাত সংগীত জগতৰ কিংবদন্তি গৰাকী ।

ওঁম শান্তি

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও