মৃন্ময় গোস্বামীৰ বিয়োগত শোকসভা 

মৃন্ময় গোস্বামীৰ বিয়োগত শোকসভা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুষ্ঠিত এক শোকসভাত অৱসৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া মৃন্ময় গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰা হয়। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়কক্ষত অনুষ্ঠিত সভাত উপস্থিতসকলে প্রয়াত গোস্বামীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আৰু তেখেতৰ কৰ্মদক্ষতাৰ কথা স্মৰণ কৰে। আজিৰ সভাই গোস্বামীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় ভগৱানৰ ওচৰত মৌন প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নীৰ লগতে এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে।