মৃতদেহ- মৃগাংক বৰুৱা

P.c- Epic Games Store

মৃতদেহ

মানুহবিলাক বৰ অদ্ভুত দেই, মানুহৰ মন বুজিবলৈ টান, মানুহ চিনিবলৈ টান। কয় এটা আৰু কৰে এটা।সেয়ে চাগে মানুহ চিনা বৰ টান। মোক আগলি কলপাতত শুৱাই ৰখা হৈছে আগ চোতালত। মানুহ গোটখাইছে বহুত।সকলোৰে মুখত মোৰ গুনগান। আচৰিত, আজি মোৰ কাষত গোটখোৱা কেইবাজনেও আকৌ মই জীয়াই থাকোতে কৰা ভাল কামৰ স্বীকৃতি নিদিলে, অথচ বদনামহে ৰচিছিল। মোৰ দোষ কি আছিল—–মুখৰ আগত সঁচা কথা কোৱা, সমাজৰ ভাল কাম কৰা।অথচ আজি তাৰ মাজৰে দুজন মানে আকৌ চকুপানীও টুকিছে। বৰকষ্টদায়ক…….। ভাল নলগা হৈছে। তেওঁলোকৰ লগত আজি অকণমান কথা পাতিব পৰাহলে কলোহেঁতেন, মোক জীয়াই থাকোতে যদি এনেদৰে উৎসাহিত কৰিলা হেতেন……

মৃগাংক বৰুৱা, বনগাওঁ(কছাৰিহাট)
গোলাঘাট