মূল্যবৃদ্ধিকলৈ উদ্যোগমন্ত্রীৰ চিমেণ্ট আৰু ৰড কোম্পানীসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক

Pc- facebook

মূল্যবৃদ্ধিকলৈ উদ্যোগমন্ত্রীৰ চিমেণ্ট আৰু ৰড কোম্পানীসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- কেইবাটাও চিমেণ্ট আৰু ৰড কোম্পানীয়ে মূল্যবৃদ্ধিৰ সুযোগ লৈ শেহতীয়াকৈ নির্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিত নামি পৰিছে। যাৰ ফলত চিমেণ্ট আৰু ৰডৰ উৰ্ধ্বমুখী দামে গৃহ নির্মাণৰ ক্ষেত্ৰত চৰমভাবে ক্ষতিগ্রস্ত কৰিছে সাধাৰণ ৰাইজক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে চিমেণ্ট আৰু ৰড কোম্পানীসমূহক মূল্যবৃদ্ধি নকৰিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিছে।দিছপুৰত চিমেণ্ট আৰু ৰড কোম্পানীসমূহৰ সৈতে উদ্যোগমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত টপচেম চিমেণ্ট, ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্টৰ লগতে কে ডি আইন এণ্ড ষ্টীল, মা দূর্গা ষ্টীল আদিকে ধৰি কেইবাটাও কোম্পানী উপস্থিত থাকে। এই বৈঠকতে চিমেণ্ট আৰু ৰডৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি উদ্যোগমন্ত্রী পাটোৱাৰীয়ে স্পষ্ট কৰি দিয়ে যে কোম্পানীসমূহক ৰাজ্য চৰকাৰে পৰিবহণৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদানৰ লগতে যথেষ্ট সুলভ মূল্যত কয়লা আৰু আন ইন্ধনজাত সামগ্রী যোগান ধৰিছে। এনে অবস্থাত চিমেন্ট আৰু ৰডৰ মূল্যবৃদ্ধি কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। বৈঠকত আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰডৰ দাম বৃদ্ধি হোৱাৰ বিষয়টো কোম্পানীকেইটাই উত্থাপন কৰে যদিও মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা সামগ্ৰীৰ দাম ঊর্ধ্বমুখী হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে ধীৰ গতিৰেহে সামান্য পৰিমাণৰ দাম ঊর্ধ্ব হৈছে বুলি আঙুলিয়াই দিয়ে।