মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰিলে অসম কন্যা জিণ্টিমণিয়ে

Pc Facebook
মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰিলে অসম কন্যা জিণ্টিমণিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ৱ’মেন প্ৰিমিয়াৰ লীগৰ বাবে অনুষ্ঠিত হোৱা নিলামত উচ্চাৰিত হ’ল অসমৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ নাম। মঙলদৈৰ জীয়াৰী জিণ্টিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে ৱ’মেন প্ৰিমিয়াৰ লীগৰ বাবে ১০ লাখ টকাত ক্ৰয় কৰে।এগৰাকী ভাল বলাৰ ৰূপে পৰিচিত জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেট অনুশীলনৰ অভ্যাস আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে ভাল খেল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণিয়ে, যাৰ কাৰণে পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু পৰৱৰ্তী সময়ত মহিলা ভাৰতীয় B টীমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।