মুছলমান অঞ্চলত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে যুৱকৰ ‘সেনাবাহিনী’ সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

pc Time8 News

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজ্যিক বিধানসভাক কৈছিল যে চৰকাৰে এটা “জনসংখ্যা সেনা” (Population Army)ৰ পৰিকল্পনা কৰি আছে যিয়ে গৰ্ভনিৰোধক বিতৰণ কৰিব আৰু মুছলমান অধ্যুষিত অঞ্চলসমূহত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা বিয়পাব। চৰ-চাপৰী (riverine sand bars)ৰ প্ৰায় ১,০০০ যুৱক-যুৱতীক জনসংখ্যা নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু গৰ্ভনিৰোধক যোগান ধৰাৰ বাবে নিযুক্ত কৰা হ’ব। ‘আশা’ (স্বীকৃত সামাজিক স্বাস্থ্য কৰ্মী) কৰ্মীসকলৰ এটা পৃথক কৰ্মশক্তি সৃষ্টি কৰাৰ পৰিকল্পনা কৰি থকা হৈছে যাক জন্ম নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু গৰ্ভনিৰোধক যোগান ধৰাৰ দায়িত্ব দিয়া হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনাই। শৰ্মাদেৱে এই কথা দাবী কৰি কয় যে যদি ২০০১ চনৰ পৰা ২০১১ চনলৈ অসমত হিন্দুসকলৰ জনসংখ্যা বৃদ্ধি ১০% আছিল, তেন্তে মুছলমানসকলৰ মাজত ই আছিল ২৯%। উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি, অসমৰ মুঠ জনসংখ্যা ৩.১২ কোটিৰ ৩৪.২২% মুছলমান।

(UD.)