মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতেই বিত্ত বিভাগৰ তৎপৰতা ; ১৬ৰ পৰা ২২ৰ মাৰ্চলৈ খালী পদ পূৰণৰ নিৰ্দেশ বিত্ত বিভাগৰ

pc Twitter

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক লাখ চাকৰিত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ পাছতে এতিয়া বিত্ত বিভাগে ২০১৬-১৭ চনৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত অনুমোদিত সকলো খালী পদ পূৰণ কৰিবৰ বাবে সকলো বিভাগক নির্দেশ দিছে। যোৱা ১৫ জুলাইত সকলো বিভাগৰ অধ্যক্ষ সচিব, আয়ুক্ত সচিব আৰু প্ৰশাসনীয় মুৰব্বীসকললৈ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিত্ত (এছ আই ইউ) বিভাগৰ সচিব জি কে পেগুৱে নির্দেশনা প্ৰেৰণ কৰিছে৷ নং- এফ এছ আই ৫/2005/ ভি অ’ আই-ভি আই /১০২ নম্বৰৰ নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হৈছে যে ২০১১-১২ চনৰ পৰা ২০১৬-১৭ চনলৈ যদি অনুমোদিত পদসমূহ পূৰণ কৰিব পৰা নাই তাৰ কাৰণ দৰ্শাই বিত্ত বিভাগক অৱগত কৰিব লাগিব। যদিহে কোনো আইনী কাৰণ অথবা এ পি এছ চি প্ৰক্ৰিয়াৰ বাবে পদসমূহ পূৰণ কৰিব পৰা নাই তেন্তে উপযুক্ত তথ্য প্রমাণসহ বিত্ত বিভাগক জনাব লাগিব। আনহাতে, খালী পদৰ অনুমোদনৰ সময়সীমা বৃদ্ধি কৰিব লাগে সেই কথাও প্ৰস্তাৱ আকাৰে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। দীর্ঘদিন যিবোৰ পদ পূৰণ কৰা নাই আৰু ম্যাদ শেষ হৈছে সেই পদবোৰ বিলুপ্তি ঘটোৱা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে।

(UD.)