মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাই দিয়া দায়িত্ব পালন কৰক: ৰিপুণ বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালিৰ বিপৰীতে ৰাজ্যখনৰ পৰিস্থিতি দিনক দিনে শোচনীয় হৈ পৰাত প্ৰতিক্ৰিয়া কৰিছে অসম তৃণমূল কংগ্ৰেছে।এক বিবৃতিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়:’শেহতীয়াকৈ আমি দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমত সাক্ষাৎকাৰত নিজকে এজন সফল আৰু দেশৰ ভিতৰতে শ্ৰেষ্ঠ নেতা হিচাপে নিজকে প্ৰক্ষেপ কৰাৰ প্ৰয়াসত ব্যস্ত আছে। কিন্তু একে সময়তে ইটোৰ পাছত সিটো চৰকাৰী তথ্যত ৰাইজে যিখন ৰাজ্যৰ বাবে বিজেপিক ভোটদান কৰি শাসন ক্ষমতা দিছে, সেই অসমৰ অৱস্থা দিনক দিনে তথৈবচ হৈ পৰিছে।দেশৰ মহাপঞ্জীয়কৰ প্ৰতিবেদনত দেশৰ ভিতৰতে অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ সবাৰ্ধিক বুলি তথ্য প্ৰকাশ পাইছে। এতিয়া ইয়াৰ বাবে আমি পোনপটীয়াকৈ ড° হিমন্ত বিশ্ব শৰ্মাকে দোষাৰোপ কৰিম। কাৰণ স্বাস্থ্যবিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া এগৰাকী অকৰ্মণ্য আৰু ৰাবাৰ ষ্টাম্প মন্ত্ৰী হিচাপে চিহ্নিত হৈছে। আনহাতে মন্ত্ৰীসকলক নস্যাৎ কৰি সকলো বিভাগ মুখ্যমন্ত্ৰী শৰ্মাই চলাবলৈ লোৱা বুলি সততে চৰ্চিত হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ হকে কাম কৰিব নে নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ বাবে ইমেজ গঢ়াৰ কামত ব্যস্ত থাকিব, অসমবাসীক সেই কথা স্পষ্ট কৰিব লাগে। অন্যথাই এনেদৰে মুখ্যমন্ত্ৰীৰ পদবীক নিজৰ এজেণ্ডা পূৰণৰ কামত ব্যৱহাৰ কৰি ৰাজ্যখনৰ বাবে পিঠি দি দেশৰ ভিতৰতে শোচনীয় কৰি তোলা কামক আমি কোনোপধ্যেই গ্ৰহণ নকৰো।ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ স্বাৰ্থৰ প্ৰতি এলাগী হৈ পৰাটো বিভিন্ন খণ্ডত হোৱা চূড়ান্ত শোচনীয় অৱস্থাই প্ৰমাণ কৰিছে৷নিজকে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বা য’ত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে কৰি থাকক, কিন্তু প্ৰথমে তেওঁক জনতাই দিয়া ৰাজ্য চলোৱাৰ দায়িত্ব সূচাৰুৰূপে পালন কৰক। কিছুদিন আগলৈকে কথাই কথাই অসম দেশৰ ৫ শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ কথা কৈ থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ আচল স্বৰূপ শেহতীয়াকৈ মহাপঞ্জীয়কৰ প্ৰতিবেদনে উদঙাই তেওঁৰ অধীনত অসম দেশৰ ভিতৰতে আটাইতকৈ নিম্ন স্থানলৈ গতি কৰিছে। কেৱল নিজৰ চিন্তাত মগ্ন হৈ ৰাজ্যখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কাৰ্যক অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ধিক্বাৰ দিছো।’নিজৰ ৰাজ্যক ধ্বংসৰ মুখলৈ ঠেলি দি নিজৰ চিন্তাত মগ্ন মুখ্যমন্ত্ৰী দেশৰ ইতিহাসতে নাই বুলি সভাপতি ৰিপুণ বৰাই লগতে কটাক্ষ কৰে।