মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ বাবে আনন্দ লাগিছে: মৃণালিনী দেৱী

মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ বাবে আনন্দ লাগিছে: মৃণালিনী দেৱী

ৰঙিলী বাৰ্ত্তাসেৱা- এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী আৰু এনডিএ শাসিত কুৰিৰো অধিক ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রীৰ আৰম্ভ কৰি বিশিষ্ট উদ্যোগতি তথা শতাধিক ভিভিআইপিৰে ভৰি পৰিল গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ।মঙলবাৰে সকলোৰে উপস্থিতিত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰে । শপতগ্ৰহণৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু পত্নীৰ লগতে দুই সন্তান । পুত্ৰই অসমৰ দ্বিতীয়বাৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাক লৈ সংবাদ মাধ্যমৰ লোকে সোধা প্ৰশ্নৰ উত্তৰত পূজনীয় মাতৃৰ অকপট হাঁহি- আজি এটা আনন্দৰ দিন। তেওঁ মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ বাবে আনন্দ লাগিছে। তাৰ লগে লগে জনগণেও আনন্দ পাব লাগিব।  ৰাজ্যখন সুচাৰুৰূপে চলাই নিবলৈ ভগৱানে তাক শক্তি দিয়ক, মাতৃ হিচাপে এয়াই আশীৰ্বাদ । মোৰ খুব আনন্দ লাগিছে । এই আনন্দ যাতে ভৱিষ্যতলৈ থাকিব পাৰে, দেশ-ৰাজ্যৰ সকলো যাতে আনন্দত থাকিব পাৰে তাৰেই কামনা কৰিছোঁ । ভগৱানে সদয় হৈ মোৰ ল’ৰাক এই মনোশক্তিটো দিয়ক সেয়ে কামনা কৰিছোঁ । ভগৱান অবিহনে আমি চলিব নোৱাৰোঁ । ভগৱানে সকলোকে শক্তি দিয়ক । মোৰ পুত্রই সকলোৰে মংগলৰ বাবে যাতে কাম কৰি যাব পাৰে মাতৃ হিচাপে ভগৱানৰ ওচৰত তাৰেই কামনা কৰিছোঁ । মাতৃ মৃণালিনী দেৱীৰ লগতে আনন্দিত আৰু উৎফুল্লিত ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ লগতে পুত্র-কন্যা ক্রমে নন্দিল বিশ্ব শৰ্মা আৰু সুকন্যা শর্মাও। উৎফুল্লিত আৰু উৎসাহিত সুদূৰ বিদেশৰ পৰা ভাতৃৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ডাঃ জয়ন্ত বিশ্ব শর্মাও। সংবাদ মাধ্যমৰ আগত জীয়ৰী সুকন্যা শৰ্মাৰ উৎসাহভৰা মন্তব্য- মোৰ দেউতা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ কাৰণে আমি অসমবাসীৰ ওচৰত কৃতজ্ঞ। তেওঁ দিনে-ৰাতিয়ে কষ্ট কৰে। তেওঁ বহুত কষ্ট কৰিব পাৰে। আগলৈও অসমৰ কাৰণে তেওঁ বহুত কষ্ট কৰিব, তাৰ ওপৰত মোৰ আশা আছে। সংবাদ মাধ্যমৰ আগত পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ উৎসাহভৰা মন্তব্য- দেউতাই বহুত কষ্ট কৰিছিল। যোৱা পাঁচ বছৰত চৰকাৰে বহুত ভাল কাম কৰিছে আৰু আগন্তুক পাঁচ বছৰতো ভাল কাম কৰিব। অসমৰ ৰাইজে দেউতাক, বিজেপিক বহুত আশীর্বাদ দিছে। এই আশীর্বাদ সদায় থাকক। মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ জয়ন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়- যোৱা পাঁচটা বছৰত যিমানখিনি কাম হৈছিল, অহা পাঁচ বছৰত তাতকৈও ভাল কাম হ’ব লাগে আৰু গতিশীলতা আহিব লাগে। আমাৰ ৰাইজৰ মনত এনে এটা উৎসাহ জাগ্রত হ’ব লাগে যে ৰাইজে নিজে নিজেই জড়িত হৈ পৰে। চৰকাৰৰ ওপৰত মুখাপেক্ষী হৈ থাকিব নালাগে। আজি ৰাস্তা-ঘাট হৈছে। আন্তঃগাঁথনি শক্তিশালী হৈছে। তাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকেই নিজা নিজা কামত প্রবৃত্ত হ’ব লাগে। যিসকল হিতাধিকাৰীয়ে টকা পাইছে, আঁচনি পাইছে, সেইখিনিৰ ওপৰতে নিৰ্ভৰশীল নহৈ তাৰ ওপৰত ভিত্তি কৰি সৃষ্টিশীল কামত নিয়োজিত হ’ব লাগে। কাৰণ তেওঁলোকৰ ওপৰত এখন ছাদ আছে, দুবেলা দুমুঠিৰ চিন্তা নাই। গতিকে এতিয়া অসমত সৃষ্টিশীলতাৰ ঢৌ সৃষ্টি হ’ব লাগে। তাৰ দায়িত্ব চৰকাৰৰ নহয়, চৰকাৰে ইতিমধ্যেই ভেটিটো গঢ়ি দিছে। এতিয়া আমাৰ নিচিনা মানুহৰ দায়িত্ব- নৱপ্ৰজন্ম, মহিলাসকলক বেছিকৈ উৎপাদনমুখী কৰিব পাৰে। মই ভাবোঁ যে চৰকাৰে পাৰ্যমানে কৰিছে। চৰকাৰে হিতাধিকাৰীসকলক লৈ উদ্যোগৰ দুৱাৰ মুকলি কৰিব লাগিব। এতিয়া কথা কৈ থাকিলে নহ’ব, আমাক উপদেশ নালাগে। আমাক আর্হি লাগে। আমাক নীতিশিক্ষা নালাগে। হিমন্ত বিশ্ব শৰ্মাই কিমান কষ্ট কৰে মই জানো। ৰাইজে তাক বহুত মৰম দিছে। জ্যেষ্ঠ ভাতৃ হিচাপে এয়া অতি সুখময় অনুভৱ, সেইটো ব্যক্তিগত অনুভৱ। কিন্তু ৰাইজৰ এজন হিচাপে যিটো অনুভৱ সেইটোহে আচল অনুভৱ। যোৱা পাঁচ বছৰত যথেষ্ট হৈছে।