অসমৰ বাবে আজি এটা বিশেষ দিন:প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিনটো ‘অসমৰ বাবে এক বিশেষ দিন’ বুলি অভিহিত কৰি ড° শৰ্মাক দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত অভিনন্দন জনায় ৷ প্ৰশাসক হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ডঃ শৰ্মাৰ নতুন কাৰ্যকালৰ সফলতা কামনা কৰে । প্রধানমন্ত্রী মোদীয়ে ড° শৰ্মাৰ লগতে তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্রহণ কৰা ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগকো অভিনন্দন জনায়। মঙলবাৰে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সত পোষ্ট কৰি কয় যে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰাৰ বাবে মই ড° হিমন্ত বিশ্ব শর্মাক অভিনন্দন জনাইছো। তেওঁ এজন সুদক্ষ প্রশাসক হিচাপে নিজৰ পৰিচয় দিছে আৰু ৰাজ্যখনৰ বাবে বহুতো যুগান্তকাৰী কাম কৰিছে। আগন্তুক কার্যকালৰ বাবে তেওঁলৈ মোৰ অশেষ শুভকামনা থাকিল। আন এটা পোষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লগতে কয় যে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্রহণ কৰা বাবে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক অভিনন্দন জনাইছোঁ। অসমৰ উন্নয়নৰ যাত্রাক অধিক শক্তিশালী কৰিবলৈ তেওঁলোকে কৰিবলগীয়া কাৰ্যৰ বাবে মই শুভকামনা জনাইছোঁ। উল্লেখ্য যে, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে এনডিএ শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত থাকে। ড° শৰ্মাৰ লগতে বিজেপিৰ দুজন ক্রমে ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ, মিত্রদল অসম গণ পৰিষদৰ অতুল বৰা আৰু বড়োলেণ্ড পিপল্টু ফ্রণ্টৰ চৰণ বড়োৱে তেওঁৰ কেবিনেটৰ মন্ত্রী হিচাপে মণ্ডলবাৰৰ দিনটোত শপত গ্ৰহণ কৰে। ৰামেশ্বৰ তেলীক বাদ দি আন তিনিগৰাকী মন্ত্ৰীয়ে পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটতো স্থান লাভ কৰিছিল।
