মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে নিৰ্ধাৰিত স্থান খনিকৰ আৰক্ষী ছাউনী এলেকা পৰিদৰ্শন

pc the Sentinel assam

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে নিৰ্ধাৰিত স্থান খনিকৰ আৰক্ষী ছাউনী এলেকা পৰিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড় ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে নিৰ্ধাৰিত স্থান খনিকৰ আৰক্ষী ছাউনী এলেকা পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীগৰাকীয়ে  সমগ্র এলেকাটোৰ সকলো দিশ পর্যবেক্ষণ কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা অনুষ্ঠানৰ কাৰ্যসূচী যাতে সফলভাৱে অনুষ্ঠিত হয়, সেই দিশত থকা সকলো ধৰণৰ জটিলতা আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ সময়ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  তেওঁৰ এদিনীয়া ডিব্ৰুগড় ভ্ৰমণসূচীৰ অংশ হিচাপে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত ডিব্ৰুগড়ত নির্মাণ কৰা কৰ্কট হাস্পতালখনো পৰিদৰ্শন কৰে। তেওঁ অহা ২৮ এপ্ৰিলত প্রধানমন্ত্রী মোদীয়ে জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গা কৰিবলগীয়া এই চিকিৎসালয়খনত থকা সকলো ধৰণৰ সুবিধাৰ বুজ লয়। মুখ্যমন্ত্ৰী ড° শর্মাই চিকিৎসক, নির্মাণ সংস্থাৰ অভিযন্তাৰ সৈতে আলোচনা কৰে আৰু চিকিৎসালয়খনৰ অন্তিম পৰ্যায়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে।