মুখা – প্ৰসেনজিৎ গোস্বামী

pc Dreamstime

মুখা

মুখা মুখাৰ আঁৰৰ মুখা
কোন আচল কোন নকল
মুখাৰ আঁৰত আকৌ এজন
মুখা চিনাকিবোৰ বহু অচিনাকি
অচিনাকি বোৰৰ মুখা চিনাকি চিনাকি
মুখা মুখাৰ আঁৰৰ মুখা
হাবাথুৰি মুখাৰ আঁৰৰ মানুহ বিচাৰি
হেৰাই নিজৰ চিনাকি মুখাৰে মুখ ঢাকি

প্ৰসেনজিৎ গোস্বামী