মিছা তথ্যৰে বাতৰি পৰিৱেশন কৰা নিউজ ৱেব প’ৰ্টেলৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ

News Live TV

মিছা তথ্যৰে বাতৰি পৰিৱেশন কৰা নিউজ ৱেব প’ৰ্টেলৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ

অনলাইন বাৰ্ত্তাসেৱা – তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক লৈ মিছা তথ্যৰে বাতৰি পৰিৱেশন কৰে The Cross Current নামৰ এটা নিউজ ৱেব প’ৰ্টেলে। এই প’ৰ্টেলৰ বিৰুদ্ধে তথ্য আৰু জনসংযোগৰ সঞ্চালকে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলিনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন হ’ৰ্ডিং লগোৱা বিষয়টো যুক্তিহীনতাভাৱে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী আৰু সঞ্চালকালয়ক সাঙুৰি ৱেব প’ৰ্টেলটোৱে বাতৰি পৰিৱেশন কৰিছিল ৷ আনহাতে যোৱা ৫ আগষ্টত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন হ’ৰ্ডিঙৰ ক্ষেত্ৰতো প’ৰ্টেলটোৱে অনাহকতে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীক সাঙুৰি ‘হিমন্ত বিশ্ব শৰ্মাক তৈলমর্দন কৰিবলৈ গৈ সকীয়নিৰ সন্মুখীন হ’ল নেকি পীযুষ হাজৰিকা’ শীর্ষক এটি বাতৰি প্ৰচাৰ কৰিছিল৷ ৱেব প’ৰ্টেলটোৱে বাতৰিটোত দাবী কৰা অনুসৰি উল্লিখিত হ’ৰ্ডিংসমূহ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীক তৈলমর্দন কৰিবৰ বাবে প্ৰচাৰ কৰিছিল। কিন্তু, তথ্য আৰু জনসংযোগ সঞ্চালকে আৰক্ষী থানাত তৰা গোচৰ অনুসৰি ওপৰত উল্লিখিত হ’ৰ্ডিংবোৰৰ সৈতে তথ্য আৰু জনসংযোগ বিভাগৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দিছে।

(UD.)