প্ৰত্যুত্তৰ — অশ্লেষা শ্ৰাৱৰ্ণী

প্ৰত্যুত্তৰ-
বিচক্ষণ শক্তিৰ পৰীক্ষা দি দি
এইবাৰ জাগি উঠিছে।
দাৱানল বুকুত জ্বলিছে
ফিৰিঙতি আকাশলৈ বিয়পিছে।
সংহাৰি মানৱৰ ,
মানৱীয়তাবিহীন ৰক্তচাপ!
প্ৰকৃতিৰ বুকু উদং কৰি
অজ্ঞানিয়ে গোটাইছে  অভিশাপ।
কিমান আৰু সহ্য কৰিব!
খহনিয়া  নে সেউজবিহীনতা,
ম্লান হোৱা প্ৰকৃতিক জোঁকাৰি দিয়া ক্লান্ত নোহোৱা সমাজ।
এইবাৰ অগ্নিশিখা দেখিবা প্ৰকৃতিৰ,
ৰূপ লাৱণ্যৰ সমাগম যদি দেখিছা,
এইবাৰ আক্ৰোশ দেখিবা।
পানীৰ সোঁতে উটুৱাই নিব
মানৱৰ তীক্ষ্ণ দৰ্প,
প্ৰত্যুত্তৰ দিব প্ৰকৃতিয়ে সৰ্ব।
অশ্লেষা শ্ৰাৱৰ্ণী,
স্নাতক তৃতীয় বৰ্ষ,
মীন মহাবিদ্যালয়,
অসম কৃষি বিশ্ববিদ্যালয়,
ৰহা, নগাওঁ, অসম।