মানুহে আপোনাৰ লগত নহয়,আপোনাৰ স্থিতিৰ লগত হাত মিলায় – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Pexels
মানুহে আপোনাৰ লগত নহয়,আপোনাৰ স্থিতিৰ লগত হাত মিলায়
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
পৃথিৱীৰ ভিতৰতে এক অসাধাৰণ সৃষ্টিয়ে হ’ল মানুহ। মানুহ মনৰ মাজত কি চলি থাকে তাক কেৱল মাত্ৰ নিজৰ বাহিৰে অন্য কোনো লোকে আকলন বা অনুমান কৰিব নোৱাৰে। তথাপিওঁ মানুহবোৰৰ মাজত এজন আনজনৰ লগত ভিন্নতা দেখা সত্বেও বহু কিছু কথাতে সাদৃশ্য পৰিলক্ষিত হোৱা দেখা যায়। বৰ্তমান সময়ত মানুহে মানুহক সন্মান কৰাৰ পৰিৱৰ্তে মানুহৰ জীৱন নিৰ্বাহ প্ৰনালীৰ ওপৰত ভিত্তি কৰিহে মানুহে মানুহক সন্মান কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰা দেখা যায়। অৰ্থাৎ এতিয়াৰ সময়ত মানুহে আপোনাৰ লগত নহয়,আপোনাৰ স্থিতিৰ লগত হাত মিলায়। কথাবোৰ কিমান দূৰ সঁচা আমি প্ৰতিজন মানুহে নিজ নিজ জীৱনত এবাৰ হ’লেও উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ নহয়নে ? এতিয়া কথা হ’ল আমি সকলোবোৰ মানুহে ইমান ভাগ্যবান নহয় যে, একেবাৰে জন্মৰ পিছৰে পৰা আমাৰ জীৱন নিৰ্বাহ প্ৰনালী বা ব্যক্তিগত স্থিতিবোৰ একেবাৰে সৰ্বোত্তম ধৰণৰ হয়। সেয়েহে আমি পৰিবেশ, পৰিস্থিতিৰ ওপৰত অত্যাধিক ভাবে সংঘৰ্ষ, সংগ্ৰাম কৰি নিজ নিজ জীৱনৰ স্থিতিৰ ওপৰত উৎকৰ্ষ সাধন কৰাৰ চেষ্টা অব্যাহত ৰখা উচিত হ’ব। নহ’লে আমি  জীৱনত আনতকৈ অতি দূৰ্বল আৰু একেবাৰে তলত পৰিবলগীয়া হ’ব পাৰে। ইয়াৰ বাবে আমি কাকো দোষাৰোপ উচিত নহয়। কাৰণ আমাৰ হাতত জীৱনত উন্নতিৰ মাৰ্গ অবলম্ব কৰিবলৈ অইন কিবা নহ’লেওঁ সুস্থ , সবল দেহা প্ৰায়বোৰ মানুহৰ হাততে সমপৰিমাণে উপলব্ধ আছে। হয়তো জন্মৰ সময়ত আমি দূৰ্বল আছিলোঁ কিন্তু বৰ্তমান পৰিস্থিতিত আমি নিজকে কিমান শক্তিশালী কৰি তুলিছো এই সকলোবোৰ কথা হয়তো নিজৰ মাজতে বিৰাজমান হৈ আছে। মই এই খিনিতে কথা এটা উল্লেখ কৰি দিওঁ যে, আমি কেৱল সা-সম্পত্তিৰ জৰিয়তে এজন সবল বা শক্তিশালী ব্যক্তিত্বলৈ নিজকে ৰূপান্তৰ কৰিব লাগে বুলি কোনো ধৰাবন্ধা কথা নাই। সা-সম্পত্তিৰ উপাৰ্জনৰ বাহিৰেওঁ অন্যান্য বহু এনে দিশ আছে যাৰ জৰিয়তে আমি আমাৰ ব্যক্তিত্বৰ স্থিতি একেবাৰে শক্তিশালী কৰি তুলিব পাৰোঁ। গতিকে তাৰ বাবে আমি জন্মৰ পিছৰে পৰা বৰ্তমান সময়লৈকে নিজৰ জীৱনক কিদৰে নিৰ্মাণ কৰি গৈছো সেইটোৱেই আচল কথা। অৰ্থাৎ মই কোৱাৰ তাৎপৰ্য এইটোৱে যে, সকলোবোৰ কোটিপতি মানুহে সন্মানিত হোৱাৰ যোগ্য নহয়। আৰু সকলোবোৰ দৰিদ্ৰ মানুহে হেলনীয়া পাত্ৰ নহয়। কাৰণ কিছুমান মানুহে ইচ্ছাকৃতভাৱে একেবাৰে সাধাৰণ জীৱন-যাপন প্ৰক্ৰিয়া অবলম্ব কৰিব পাৰে। সেয়েহে নিজৰ ব্যক্তিগত স্থিতি উন্নত কৰাৰ উপৰিওঁ নিজৰ ব্যক্তিত্বৰ গুণাগুণৰ ওপৰতো অধিক প্ৰাধান্য দিয়া উচিত হ’ব।