“মাধৱদেৱৰ জেউতি” – ড০ পৰশমণি দাস

PC Apne Desh Ko Jano

মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ অসমৰ জাতীয় জীৱনৰ এটি নজহা-নপমা বৰ্ণাঢ্য চৰিত্ৰ। প্রায় ৪৭ বছৰ কাল সূর্যসম শংকৰদেৱৰ নিবিড় সাহচর্য লাভ কৰি শংকৰদেৱৰ সামগ্রিক সত্তাৰে প্ৰভাৱিত হৈও মাধৱদেৱ আছিল আপোন চৰিত্ৰৰ গুণেৰে একক। মাধৱদেৱৰ চৰিত্ৰৰ মাধুৰ্য আৰু প্ৰতিভাৰ বৈচিত্র্যৰ প্ৰভাৱতে শংকৰদেৱে আৰম্ভ কৰা ভক্তি-আন্দোলনে অসমত দৃঢ় খোপনি পুতিবলৈ সক্ষম হৈছিল, অগণিত আপামৰ জনতা ভক্তি আন্দোলনৰ সোঁতত বিলীন হৈ গৈছিল।

মাধৱদেৱৰ প্ৰতিভা আছিল বিস্ময়কৰ। মাধৱদেৱ কি নাছিল? তত্ত্বদর্শী, সুপণ্ডিত, কলাকাৰ, ধৰ্মগুৰু, ধৰ্মপ্ৰচাৰক, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্য-পাৰংগত, নৃত্য ৰচোতা, নৰ্তক, নাট্যকাৰ, নাট-পৰিচালক, অভিনেতা, কবি, অনুবাদক, পৰম ভক্ত, সুসংগঠক, সেৱক আদি অলেখ গুণেৰে মূৰ্তিমান আছিল মাধৱদেৱ। শংকৰদেৱৰ ক্ষেত্ৰত সততে দৃষ্টিগোচৰ নোহোৱা অতিৰিক্ত এক প্রতিভাও মাধৱদেৱে বহন কৰিছিল। সেয়া হ’ল – ঠাইতে গীত ৰচি সুৰ দি গাব পৰা ক্ষমতা। তদুপৰি মাধৱদেৱ ইমানেই সুশ্ৰী আছিল আৰু তেওঁৰ স্বাস্থ্য ইমানেই মজবুত আছিল যে প্রায় আশী বছৰ বয়সত সুন্দৰীদিয়ালৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ যাওঁতে তাৰ সুন্দৰীসকল মাধৱদেৱৰ ৰূপত ভোল গৈছিল। তেওঁলোকে সাজি-কাচি চিৰকুমাৰ গুৰুজনাৰ ওচৰলৈ যাওঁতে গুৰুজনাই বৰ অস্বস্তি অনুভৱ কৰিছিল।

নক’লেও হয় যে শংকৰদেৱৰ সান্নিধ্য লভাৰ পিছতহে মাধৱদেৱৰ বিশাল প্রতিভা বিচ্ছুৰিত হৈছিল; অথচ বেছিভাগ কাৰ্যতে মাধৱদেৱে শংকৰদেৱক অনুকৰণ কৰা নাছিল। শংকৰদেৱে গুৰি ধৰা একেটা ভক্তি-আন্দোলনকে মাধৱদেৱে গতিময়তা দান কৰিছিল যদিও মাধৱদেৱৰ চিন্তা আৰু সৃষ্টিৰ প্ৰতিটো দিশতে ফুটি উঠিছিল মৌলিকত্ব। দুটামান উদাহৰণ দিয়া যাওক।

শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনাই নাট ৰচনা কৰিছিল। শংকৰদেৱৰ নাটবোৰক অংকীয়া নাট আৰু মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বুলি কোৱা হয়। ঝুমুৰাবোৰৰ নাট্যৰীতি অংকীয়া নাটৰ লগততো নিমিলেই, আনকি সেই সময়ৰ প্রচলিত কোনো লোকনাটৰ লগতে ঝুমুৰাবোৰৰ মিল নই। সেইদৰে, শংকৰদেৱ বিৰচিত বৰগীতবোৰতকৈ মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ ভাব-ভাষা-সুৰ যথেষ্ট পৃথক। শংকৰদেৱৰ শ্রেষ্ঠতম কীর্তি ‘কীর্তন-ঘোষা’ৰ লগত মাধৱদেৱৰ শ্রেষ্ঠতম কীর্তি ‘নামঘোষাৰ’ভাষা, সুৰ-ছন্দ একেবাৰেই নিমিলে। বৰপেটাত মাধৱদেৱে সাজি উলিওৱা ‘ৰঙিয়াল গৃহ’আৰু এই গৃহত সৃষ্টি কৰা ছালি নাচো মাধৱদেৱৰ মৌলিক সৃষ্টিৰ আন এটা উদাহৰণ। উল্লেখ্য যে মাধৱদেৱৰ সৃষ্টিকৰ্মৰ মৌলিকতা শংকৰদেৱৰো দৃষ্টিগোচৰ হৈছিল । তাৰ প্ৰমাণ হ’ল – মাধৱদেৱৰ কবিত্ব গুণৰ উচ্চ প্রশংসা কৰি শংকৰদেৱে এবাৰ কৈছিল ‘আমি বঢ়াবহে পাৰো, টুটাব নোৱাৰো। তুমি ৰস্ব দীর্ঘ সবে পাৰা দহো।’

বিশাল সৃষ্টি-সম্ভাৰেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰা মাধৱদেৱৰ জীৱন কোনেকালে মসৃণ অথবা পীড়াহীন নাছিল। শৈশৱৰে পৰা কঠোৰ জীৱন সংগ্ৰামৰ মুখামুখি হৈছিল মাধৱদেৱ। আর্থিক অনাটন আৰু দুখ-বেদনাৰে ভাৰাক্ৰান্ত মাধৱে কিশোৰ অৱস্থাত আনকি ভিক্ষা কৰি আৰু বনৰীয়া লাও খায়ো জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। পূর্ণ বয়সত ধৰ্ম প্ৰচাৰৰ বাটতো খলুৱাৰ খল আৰু দুর্বৃত্তৰ অত্যাচাৰত বিঘ্নিত হৈছিল মাধৱদেৱৰ অভিযান।

মাধৱদেৱৰ ব্যক্তিত্ব আৰু সাধনাৰ দুটামান দিশ সৰ্বকালৰ বাবে আৰু সৰ্বলোকৰ বাবে গ্রহণীয় তথা পৰিক্ষণীয় হ’ব পাৰে। চৰিত্ৰৰ দৃঢ়তা আৰু নিৰ্মলতা, প্রচণ্ড মানসিক শক্তি, জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী, বিচক্ষণতা, দূৰদৰ্শিতা, কঠোৰ পৰিশ্ৰম-ক্ষমতা আদি চাৰিত্রিক বৈশিষ্ট্যই ঘাত-প্রতিঘাতেৰে বিধ্বস্ত মাধৱদেৱক দুর্বিষহ জীৱনৰ পৰা শিৰ পোন কৰি ওলাই আহিবলৈ সামর্থ্য প্ৰদান কৰিছিল৷ মাধৱদেৱৰ এই বিশেষ গুণবোৰে যুগে যুগে মানুহক ভূমিৰ পৰা ভূমালৈ চোৱাৰ প্ৰেৰণা যোগাই থাকিব। মাধৱদেৱৰ আত্মলঘিমায়ো (যথাঃ ‘দাসৰো দাস তান দাস ভৈলো আমি।’) মানুহক তেৰাৰ প্রতি শ্রদ্ধাশীল আৰু কৌতূহলী কৰি ৰাখিব চিৰকাল।

অসমীয়াৰ মনোজগতত নামঘোষাৰ আবেদন কিমান গভীৰ আৰু উচ্চ পৰ্যায়ৰ তাৰ উল্লেখৰ প্ৰয়োজন নাই। এহাজাৰ ঘোষাৰে সমৃদ্ধ এই গ্ৰন্থখনৰ মাথোঁ তিনিফাকি ঘোষাক আমি আমাৰ ক্ষুদ্ৰ চিন্তাৰে শ্ৰেষ্ঠতম ঘোষা হিচাপে বিবেচনা কৰো। এই তিনিফাকি ঘোষা  হ’ল-

‘অধমে কেৱল দোষ                              লৱয় মধ্যমে গুণ
দোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ।।’
‘দাস হুয়া তযু সেৱা নকৰিলো
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।’
‘আন যত সবে মিছা ভক্তিৰ অভাৱে।’

আমাৰ বিবেচনাত মাথোঁ এই তিনি ফাকি পদেই মানুহক গোটেই জীৱন জুৰি নিৰ্ভুল পথ নির্দেশনা দিব পাৰে ৷ আমি যদি সঁচা অৰ্থত পৃথিৱীখনৰ মংগল কামনা কৰো তেন্তে এইক্ষেত্ৰত আমাৰ বিচাৰ কি পৰ্যায়ৰ হোৱা উচিত সেই কথা মাধৱদেৱে ‘অধমে কেৱল দোষ’ঘোষাফাকিত প্রকাশ কৰিছে। বিস্তাৰ নিষ্প্রয়োজন। একাংশ সমালোচকৰ মতে, মাধৱদেৱে আন একো ৰচনা নকৰি কেৱল নামঘোষাখন ৰচনা কৰিয়েই অসমীয়া সাহিত্যত অমৰ হৈ থাকিলহেঁতেন। সন্ত বিনোৱা ভাৱেই আৰু এখোপ ওপৰলৈ গৈ কৈছে যে মাধৱদেৱে আন একো নিলিখি যদি ‘অধমে কেৱল দোষ’ ঘোষাফাকি লিখিয়েই বহি থাকিলহেঁতেন তথাপি তেওঁ মহাপুৰুষ হ’লহেঁতেন, কিয়নো ইয়াতই নিহিত হৈ আছে সমগ্ৰ মানৱৰ বিচাৰ-বিপ্লৱৰ বীজ।

আমি আমাৰ দৈনিক কর্ম-সেৱা ঠিকমতে কৰিছোনে? আমি শিক্ষকসকলে শ্রেণীত পাঠদান নকৰো, কৰ্মচাৰীসকলে অফিচত কাম নকৰি হামিয়াই-হিকতিয়াই বহি থাকো, দিন-হাজিৰা কৰাসকলে গৰাকীৰ চকুত ধূলি ছটিয়াই সময় কটাওঁ। আমাৰ বাবেই মহাপুৰুষজনাই লিখিছে— ‘দাস হুয়া তযু সেৱা নকৰিলো, ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।’

শ্ৰদ্ধা আৰু ভক্তি অবিহনে কোনো কার্যতে সাফল্য লভা সম্ভৱ নহয়, সি যিমানেই সৰু কাম নহওক কিয়। প্ৰকৃততে, কাৰ্য এটাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ লগত আমাৰ মনটোৰ নিবিড় সম্পর্ক আছে। আপুনি যদি সুস্বাস্থ্যৰ গৰাকী হ’ব খুজিছে, তেন্তে স্বাস্থ্য লাভৰ প্ৰক্ৰিয়াবোৰো আপুনি ভক্তিসহকাৰে পালন কৰিব লাগিব। এই প্রসংগতে বুদ্ধিজীৱী জন ষ্টুৱাৰ্ড ব্লেকিয়ে কৈছে— ‘মাত্ৰ পেটটো ভৰাই থাকিলেই স্বাস্থ্য ৰক্ষা নহয়। … দৃঢ় মানসিক শক্তিৰ নিয়ন্ত্ৰণ অবিহনে শৰীৰটো নিৰাপদে বহুদিনলৈ চলিব নোৱাৰে। সেইবাবে স্বাস্থ্যৱান হ’ব খুজিলে সৎ হ’ব লাগে আৰু সৎ হ’ব খুজিঁলে সুবিবেচক হ’ব লাগে; সুবিবেচক হ’ব খুজিলে ধৰ্মপৰায়ণ আৰু শ্ৰদ্ধাশীল হ’ব লাগে। কাৰণ ভগৱৎ ভক্তিয়েই হ’ল জ্ঞানৰ সূচনা।‘ আমাৰ মাধৱদেৱে ৪০০ বছৰ পূৰ্বেই শিকাই থৈ গ’ল— ‘আন যত সবে মিছা ভক্তিৰ অভাৱে।’

মহাপুৰুষ শংকৰদেৱৰ দৰে মহাপুৰুষ মাধৱদেৱেও তেৰাৰ বৰ্ণাঢ্য অৱদানেৰে অসমীয়া জাতিক চিৰকালৰ বাবে ধন্য কৰি গ’ল। মাধৱদেৱৰ মহাজীৱনে প্ৰকাশ কৰি গ’ল দেহ-মন-উৎসর্গীকৃত সেৱকৰ এক মহান চৰিত্ৰ। মানৱজাতিক শিকাই থৈ গ’ল মাধৱদেৱে—– আমাক নেতা আৰু গুৰুৰ যিমান প্রয়োজন, তাতোকৈ হাজাৰ গুণে বেছি প্রয়োজন ভণ্ডামি আৰু আত্মশ্লাঘাৰ সিটো পাৰে থকা সঁচা সেৱকৰ।

***