মাঘ বিহুৰ পূৰ্বে অথাৎ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আহিব পাৰে ক’ভিডৰ এছ অ’ পি

Pc- Indian Association of Palliative Care

মাঘ বিহুৰ পূৰ্বে অথাৎ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আহিব পাৰে ক’ভিডৰ এছ অ’ পি

ৰঙিলী বাৰ্ত্তাসেৱা-  ক’ভিডৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো একপ্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে।অসমতো এই বিষয়টোক লৈ চৰকাৰে বিশেষ চিন্তা-চৰ্চা আৰম্ভ কৰিছে।ক’ভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ইতিমধ্যে সাজু হৈছে অসমৰ স্বাস্থ্য বিভাগ।এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদ মাধ্যমত আগত ক’ভিডৰ এছ অ’ পি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক’ভিড এছ অ’ পি।ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহন কৰিব পাৰে অসম চৰকাৰে।নতুন বৰ্ষৰ প্ৰথম সপ্তাহতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো সিদ্ধান্ত ল’ব পাৰে।আনহাতে মাস্ক পৰিধানৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মাস্ক পৰিধান কৰাটো জনতাৰ বাবে ভাল।ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰি থাকক।