মহিলা টেনিছ তাৰকা ‘নাওমি অ’ছাকা’ই ইউ এছ অপেনত অংশ লোৱাৰ নিশ্চয়তা প্ৰদান কৰে

pc NBC Sports

অনলাইন বাৰ্ত্তাসেৱা – মানসিক অস্থিৰতাত ভোগা মহিলা টেনিছ তাৰকা ‘নাওমি অ’ছাকা’ই ইউ এছ অপেনত অংশ লোৱাৰ নিশ্চয়তা প্ৰদান কৰি এই কথা প্ৰকাশ কৰে ইউ এছ অপেন কৰ্তৃপক্ষই। ইউ এছ অপেনৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, ডিফেণ্ডিং চেম্পিয়ন অ’ছাকাই টুর্ণামেণ্টখনত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে ফ্ৰেন্স অপেন চলি থকাৰ সময়তে এক অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছিল খেলুৱৈগৰাকী। ফ্ৰেন্স অ”পেনৰ নিয়ম অনুসৰি সাংবাদিকৰে মুখামুখি হ’ব লাগে খেলুৱৈসকল। কিন্তু মানসিক উদ্বিগ্নতাত ভুগি থকা অ’ছাকাই সাংবাদিকৰে মুখামুখি হ’বলৈ অমান্তি প্ৰকাশ কৰে৷

(UD.)