মহিলাসকলে অংশ লোৱা প্ৰতিটো ক্ষেত্ৰতেই প্রতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ উৎকৃষ্টতা প্ৰতিপন্ন কৰি আহিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

pc India Today

মহিলাসকলে অংশ লোৱা প্ৰতিটো ক্ষেত্ৰতেই প্রতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ উৎকৃষ্টতা প্ৰতিপন্ন কৰি আহিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাত প্ৰৱেশৰ বাবে প্রশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত অহা বছৰৰ পৰা মহিলাসকলে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। চাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰত সশস্ত্র বাহিনীত মহিলাৰ ভূমিকা শীর্ষক বিষয়ত বক্তব্য প্রদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ দেশৰ সামৰিক বাহিনীৰ শীৰ্ষ পদত মহিলাসকলক নিয়োগ কৰা হৈছে। আৰক্ষী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, অর্ধসামৰিক বাহিনী আৰু সশস্ত্র বাহিনীত মহিলাসকলৰ অন্তৰ্ভুক্তি প্ৰগতিৰ পৰিচায়ক বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সশস্ত্র বাহিনীত মহিলাসকলৰ অংশগ্ৰহণ আৰু ভূমিকা অধিক ব্যাপক হ’ব বুলিও আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, মহিলাসকলে অংশ লোৱা প্ৰতিটো ক্ষেত্ৰতেই প্রতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ উৎকৃষ্টতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মহিলা বিষয়াসকলক পাইলট, পর্যবেক্ষক আৰু বিমান সহযোগীৰ দৰে যুঁজাৰুৰ ভূমিকাত অৱতীৰ্ণ কৰি আহিছে। বায়ুসেনা বাহিনীতো তেওঁলোকক সহযোগী আৰু যুঁজাৰু দুয়োটা ভূমিকাতে অৱতীৰ্ণ কৰোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ সেনা বাহিনীয়ে ১৯৯২ চনতেই মহিলা বিষয়াক নিযুক্তি আৰম্ভ কৰিছিল আৰু সম্প্রতি প্ৰতিৰক্ষাৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকক নিয়োগ কৰা হৈছে। মহিলাসকলক এতিয়া স্থায়ী আয়োগৰ বাবে গ্ৰহণ কৰা হৈছে আৰু অচিৰেই সেনা বাহিনীৰ গোটক নেতৃত্ব দিয়াৰো সুযোগ তেওঁলোকে লাভ কৰিব বুলি আশা কৰিব পাৰি।