মহান তুমি
অনামিকা বৰঠাকুৰ
হে শিল্পী,
মহান তুমি,
মহান তোমাৰ সৃষ্টিৰাজী
তুমি আমাৰ প্ৰাণ,
তুমি আমাৰ মান
তুমিয়েই আমাৰ গৌৰৱ ।
সুৰেৰে আলোচিত কৰিলা
তুমি বিশ্ব দৰবাৰ।
প্ৰেমৰে গঢ়িলা একতা কৰিলা ,
সময় জাতি-ধৰ্ম-বৰ্ণ ।
তোমাৰ মাজতে দেখা পোৱা যায়
জীৱনৰ একতাৰ সুৰ।
তোমাৰ মাজতে জাগ্ৰত হয়
প্ৰেমৰ শক্তি।
সঁচাই তুমি মহান ।
অসহায়ৰ চকুৰ লোৰ,
সহায়ৰ হাতত আশাৰ দোতনা—
তুমি সেই মহান শিল্পী।
তোমাতেই ঈশ্বৰৰ দান,
ঈশ্বৰৰ প্ৰেম।
তোমাৰ অমৰদানত,
তোমাৰ সৃষ্টি-শক্তিৰ জ্যোতিত,
তুমি উজ্জলি থাকিবা যুগে যুগে।
ইতিহাসৰ পৃষ্ঠাত তোমাৰ সোণালী
আচল চিৰদিনে জিলিকি থাকিব।
তোমাৰ নাম,
প্ৰত্যেক যুগে যুগে
স্মৰণ হ’ব।
গীতে হে উঠিব তোমাৰ নাম,
সুৰে সুৰে গায় থাকিব
সকলোৱে তোমাৰ গান।
হে শিল্পী, মহান তুমি,
মহান তোমাৰ সৃষ্টিৰাজী ।
