মহানগৰ জিলা পৰিবহণ বিভাগৰ সাংবাদিক-সংবাদকৰ্মীক গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান

pc- the sentinel assam

মহানগৰ জিলা পৰিবহণ বিভাগৰ সাংবাদিক-সংবাদকৰ্মীক গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে দিনে-নিশাই সেৱা আগবঢ়াই থকা সাংবাদিক-সংবাদিকৰ্মীসকলক অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰুপ মহানগৰ জিলা পৰিবহণ বিষয়া(পঞ্জীয়ন আৰু অনুজ্ঞা)ৰ কাৰ্য়ালয়ে থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰিবহণ বিষয়া কাৰ্যালয় চৌহদত থকা হোণ্ডা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰৰ সহযোগত এই উপলক্ষে জিলা পৰিবহণ বিষয়া গৌতম দাসে আঁত ধৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেচ সচিব ধ্ৰুৱ মহন্ত, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, জেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে প্ৰণয় বৰদলৈ আৰু মনোজ কুমাৰ নাথ উপস্থিত থাকে। চমু ভাষণত ধ্ৰুৱ মহন্তই সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ বাবে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা এনেধৰণৰ পদক্ষেপৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ শলাগ লয়। সঞ্জীৱ নাৰায়ণে ভাষণত কয় যে কোনো সংবাদকৰ্মীয়ে ব্যৱসায়িক ভিত্তিত টাটা কোম্পানীৰ বাহন চলাব বিচাৰে, তেন্তে তেওঁলোকৰ ডীলাৰ্ছত কোম্পানীৰ মূল্যত বাহন প্ৰদান কৰিব বুলি ব্যক্ত কৰি এইক্ষেত্ৰত কেৱল গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা এখন পত্ৰ অনুমোদন কৰি আনিলেই হʼব বুলি ব্যক্ত কৰে। প্ৰণয় বৰদলৈ আৰু মণোজ কুমাৰ নাথেও সাংবাদিক-সংবাদকৰ্মীৰ বাবে আগবঢ়োৱা ভাষণত এনেধৰণৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ সংবাদ মাধ্যমৰ লগত জড়িত লোকসকল আহ্বান জনায়। অনুষ্ঠান উপিস্থিত আবেদনকাৰী সংবাদকৰ্মীসকলৰ মাজৰ পৰা প্ৰথম দিনটোত পৰীক্ষণৰ অন্তত ১০ জনক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়।

 

(RT)