মহানগৰ জিলা উপায়ুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান পথ ব্যবসায়ী সন্থাৰ

বাৰ্ত্তাসেৱা – ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে দিনৰ ১১ বজাত দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশনা দিছে আৰু দিনৰ ১২ বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন জাৰি কৰিছে যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে পদ পথ ব্যৱসায়ীসকল ৷ অতি কম সময়ৰ বাবে বজাৰ তথা দোকান-পোহাৰ খোলা নিয়মৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ পথ ব্যৱসায়ীসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। গ্ৰাহকৰ অভাৱ তথা কম সময়ৰ বাবে দোকানসমূহ খোলা ৰখাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। ফলত বহু পথ ব্যৱসায়ীয়ে দোকান বন্ধ কৰি ক্ষুদ্ৰ দোকানখনত থকা ব্যৱহাৰিক সামগ্ৰীসমূহ যেনে— টেবুল, চকী, ৰন্ধা সামগ্ৰী আদি কম দামতে বিক্ৰী কৰি নিজৰ পৰিয়ালৰ বাবে চাউল কিনিব লগা হৈছে। তেনে পৰিপ্ৰেক্ষিতত পথ ব্যৱসায়ীসকলক আর্থিকভাৱে কিছু সকাহ দিয়াৰ বাবে কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক পৃথকে পৃথকে প্ৰেৰণ কৰে পথ ব্যৱসায়ী সংস্থা অসমে। স্মাৰক পত্ৰযোগে সংস্থাই প্রতিজন পথ ব্যৱসায়ীকে অহা পাঁচ মাহৰ বাবে পৰিয়ালৰ সদস্য অনুযায়ী খাদ্য-সামগ্রী যোগান ধৰা, যাৱতীয় খৰচৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পৰিয়ালক অহা পাঁচ মাহৰ বাবে প্রতিমাহে দুই হেজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা, কোভিড-১৯ সুৰক্ষা কিট,(চাবোন, ছেনিটাইজাৰ, মাস্ক ইত্যাদি) প্রদান কৰা, পথ ব্যৱসায়ীসকলৰ বাবে বিশেষ ভেকচিন কেন্দ্ৰৰ ব্যৱস্থা কৰা আদি দাবী জনায় পথ ব্যৱসায়ীসকলে।