মহানগৰীত বিশুদ্ধ খোৱাপানীৰ ব্যাপক সংকট

pc-guwahati municipal corporation

মহানগৰীত বিশুদ্ধ খোৱাপানীৰ ব্যাপক সংকট

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দাঁতালপাৰাৰ নাৰায়ণপুৰ অঞ্চলত শেহতীয়াকৈ খোৱাপানীৰ ব্যাপক সংকটে দেখা দিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ পানী যোগান আঁচনিৰ আওতাত নপৰা নাৰায়ণপুৰ অঞ্চলৰ বাসিন্দাসকলে পানী ক্ৰয় কৰি চলিবলগীয়া হৈছে। একাংশ পৰিয়ালে কুঁৱা আৰু নলীনাদৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিল – যদিও খৰালিৰ আগমনৰ লগে লগে পানীৰ লেয়াৰ ভূ-গৰ্ভৰ বহু তললৈ যোৱাত অধিকাংশ নলীনাদ আৰু কুঁৱাৰ পানী নোহোৱা হৈছে। ফলত দৈনন্দিন পানী ক্ৰয় কৰি বাসিন্দাসকলে খৰচ কৰিছে। অৱশ্যে একাংশই পানী ক্রয় কৰি খৰচ কৰিলেও বহু দৰিদ্ৰ পৰিয়ালৰ লোকে অৰ্থৰ অভাৱত প্ৰয়োজনীয় পানীখিনি ক্ৰয় কৰিব পৰা নাই। যাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে নাৰায়ণপুৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। সেয়ে অঞ্চলটোত খোৱাপানী যোগানৰ সুব্যৱস্থা কৰিবলৈ জিএমচি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক অঞ্চলটোৰ বাসিন্দাসকলে আহ্বান জনাইছে।