মইনাজান
প্ৰভাত বণিয়া
মইনাজান
বতৰ ডাৱৰীয়া মেঘে গাজিছে
বিজুলীৰ চিকমিকনিত উজলি উঠিছে ডুবু ডুবু
ৰঙে ৰাঙলী,আশা-নিৰাশাৰ পালতৰা নাও
হিলদল ভাঙি হু হু বতাহ বলিছে
উৰুৱাই লৈ যাব নি:স্ব সম্বলহীনৰ সপোনৰ পজাঘৰ
প্ৰতিনিয়ত দুখ যাতনা
চিৰ সহচৰ ঘাত-প্রতিঘাত বিলৈই বিপত্তি
অপায় অমংগল অশান্ত জৰ্জৰ মনে পতা সংসাৰ
বান-বাৰিষাৰ বাঢ়নি পানী
খহাই থৈ যায়
ডালদৰিদ্ৰৰ গাভৰু পথাৰ
ভোকত কলমলায় কেঁচু-কুমটি
মইনাজান
দিনকাল বেয়া ভটিয়াই নাহিবি
ভয় শংকাত নাযায় নুপুৱাই আমাৰ পানীৰ ৰাতি।
