ভোটগ্ৰহণৰ বাবে সাজু দৰং জিলা প্ৰশাসন

ভোটগ্ৰহণৰ বাবে সাজু দৰং জিলা প্ৰশাসন

ৰঙিলী বাৰ্ত্তাসেৱা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং -ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং জিলাৰ সমষ্টি কেইটাত ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে দৰং জিলা প্ৰশাসন । অহা ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাখনৰ মুঠ ৮৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দূৰ্গম অঞ্চলত অৱস্থিত ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং-প’লিং বিষয়াৰ দলে কালিয়েই গৈ উপস্থিত হৈছেগৈ । আজি অৱশিষ্ট ৭৯২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিয়োজিত বিষয়া কৰ্মচাৰীসকল ই ভি এম আৰু নিৰ্বাচনৰ যাৱতীয় সা-সামগ্ৰীসহ ৰাওনা হৈছে । জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে নিয়োজিত প্ৰিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৮৩৫ গৰাকী আৰু প’লিং বিষয়াৰ সংখ্যা হৈছে ২৫০৫ গৰাকী । তদুপৰি প্ৰয়োজনীয় সংখ্যক বিষয়া – কৰ্মচাৰী ৰিজাৰ্ভ হিচাবে ৰখা হৈছে। উল্লেখ্য যে, জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৩১ টা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ কেৱল মহিলা বিষয়া – কৰ্মচাৰীৰ দ্বাৰা আৰু তিনিটা সমষ্টিৰ প্ৰতিটোতে ৭ টাকৈ মুঠ ২১ টা কেৱল যুৱ ভোটগ্ৰহণকাৰীৰ দ্বাৰা পৰিচালিত কৰি ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে ।প্ৰতিটো বিধান সভা সমষ্টিত দুটাকৈ মুঠ ৬ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। সকলো ভোটাৰকে শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ দৰং জিলা প্ৰশাসনে আহ্বান জনাইছে ।