ভেৰগাঁৱত ভাৰতীয় উদ্যমিতা সংস্থাৰ এমহীয়া  প্ৰশিক্ষণ

ভেৰগাঁৱত ভাৰতীয় উদ্যমিতা সংস্থাৰ এমহীয়া  প্ৰশিক্ষণ

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় উদ্যমিতা সংস্থাৰ উদ্যোগত তথা ভেৰগাঁও বন ধন বিকাশ  কেন্দ্ৰ ক্লাষ্টাৰ কো- অপাৰেটিভ ছ’চাইটী লিমিটেডৰ সহযোগত আজিৰে পৰা ২ নং টোটোলাপাৰাত  খাদ্য প্ৰক্ৰিয়াকৰণৰ (ফুড প্ৰচেচিং )এটা এমহীয়া প্ৰশিক্ষণ আৰম্ভ হয়। অঞ্চলটোৰ কেইবাটাও  আত্ম সহায়ক গোটৰ ত্ৰিশৰো অধিক মহিলা সদস্যই অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ  উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰতীয় উদ্যমিতা সংস্থা (আই আই ই)ৰ  গুৱাহাটী কাৰ্যালয়ৰ প্ৰকল্প সহযোগী ব্ৰাইডটন দৈমাৰীয়ে।সংস্থাৰ ওদালগুৰি জিলাৰ সমন্বয়ক পবিন্দ্ৰ দৈমাৰী, মুখ্য কাৰ্যবাহী বিষয়া কৰবী বসুমতাৰী , ক্লাষ্টাৰৰ সভাপতি পাহেশ্বৰী ৰাভা আদিৰ উপস্থিতিত কেন্দ্ৰটো উদ্বোধন কৰি প্ৰকল্প সহযোগী দৈমাৰীয়ে কয় যে  আম, জাম, কঁঠাল, বগৰী , জলফাই, আমলখি, কৰ্দৈ , ঔ টেঙা আদি থলুৱা ফল- মূলেৰে জাম , জেলী, স্কোকাছ, আচাৰ, পাপৰ, জুইছ (ফলৰ ৰস ) আদি সুমিষ্ট, সোৱাদ যুক্ত তথা যুতিলগা খাদ্য সামগ্ৰী ব্যবসায়িকভাৱে প্ৰস্তুত কৰি মহিলা সকলে উপাৰ্জনৰ পথ উলিয়াই ল’ব পাৰে। ভাৰতীয় উদ্যমিতা সংস্থাই এনেদৰে থলুৱা ফল মূলেৰে বিভিন্ন খাদ্য সামগ্ৰী উৎপাদনৰ উপৰি জৈৱিক সামগ্ৰীৰে মমবাটি নিৰ্মাণ, গহণাকে ধৰি বিভিন্ন বাঁহ শিল্পৰ সা- সামগ্ৰী , হস্ত শিল্প আৰু বয়ন শিল্পজাত সামগ্ৰী উৎপাদন, মৌ পালন, কাঠফুলা, ধূপকাঠি আদি প্ৰস্তুতকৰণৰ বাবে প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন সা- সামগ্ৰী আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিৰ যোগানো ধৰি অহা বুলি তেওঁ উল্লেখ কৰে। আনহাতে জিলা সমন্বয়ক পবিন্দ্ৰ দৈমাৰীয়ে খাদ্য সামগ্ৰী প্ৰস্তুতকৰণৰ সময়ত প্ৰয়োজন হোৱা ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ সময়ত অতি সচেতন হোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক
চাফ চিকুনতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ  পৰামৰ্শ দিয়ে। উল্লেখ্য যে উক্ত প্ৰশিক্ষণৰ কাৰ্যসূচীত তন্ময় হাজৰিকাই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।