ভেৰগাঁৱত প্ৰচণ্ড শিলাবৃষ্টিঃ  ব্যতিব্যস্ত জন- জীৱন

ভেৰগাঁৱত প্ৰচণ্ড শিলাবৃষ্টিঃ  ব্যতিব্যস্ত জন- জীৱন

অমৰজিৎ ৰাভা, ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা-  ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আজি  এজাক প্ৰচণ্ড  শিলাবৃষ্টিয়ে  জন -জীৱন ব্যতিব্যস্ত কৰি তোলে। আবেলি প্ৰায় চাৰে তিনি বজাৰ পৰা একেৰাহে প্ৰায় বিশ মিনিট ধৰি দিয়া শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ পৰিয়ালৰ চোতাল, ঘৰৰ চালি, পদূলি আদি শিলৰ শুভ্ৰ আচ্ছাদনেৰে আবৃত হৈ পৰে। আনকি পকী- পথ সমূহতো শিলৰ দাঠ প্ৰলেপ পৰি বৰফাবৃত্ত অঞ্চল সদৃশ এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰে । বৰফৰ শুভ্ৰ দলিচাৰ এনে নয়নাভিৰাম  দৃশ্যই বহু জনৰ মন পুলকিত কৰি তোলে। উল্লেখ্য যে শিলাবৃষ্টিৰ ফলত অঞ্চলটোত সৃষ্ট উক্ত বৰফ সদৃশ শিলৰ শুভ্ৰ আচ্ছাদন সন্ধিয়ালৈকে থকা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে উক্ত আবতৰীয়া শিলাবৃষ্টিয়ে একাংশ ব্যবসায়ী, মিস্ত্ৰী, দিন হাজিৰা কৰা লোকৰ দৈনন্দিন  কাম কাজত  আউল লগোৱাৰ লগতে বিভিন্ন সা- সম্পত্তিৰ  ক্ষতি কৰে। অঞ্চলটোৰ  ভালে সংখ্যক কৃষকৰ পাচলি খেতি, পান- তামোল আদি উদ্যান শস্য বিনষ্ট হোৱাৰ উপৰি একাংশ  দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ টিনৰ চালিৰো ব্যাপক ক্ষতি সাধন হয়। ইপিনে শিলাবৃষ্টিৰ ফলত অঞ্চলটোত নিশালৈকে বিদ্যুত সৰবৰাহ বন্ধ হৈ পৰে। তদুপৰি সৰস্বতী পূজাৰ পৰা ঘৰলৈ ওভতা বিদ্যালয়,মহা- বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী , অভিভাৱক শিল -বৰষুণ অহাৰ বাবে আদবাটতে আবদ্ধ হৈ পৰে। উল্লেখ্য যে শিলাবৃষ্টিৰ কিছু সময়ৰ পিচৰে পৰা পুনৰ একেৰাহে বৰষুণ দি থকাত অঞ্চলটোৰ জন জীৱন স্থবিৰ  হৈ পৰে।