ভাৰত আৰু বাংলাদেশৰ মাজত ভিছা সম্পৰ্কীয় বিষয়ে আলোচনা 

Pc The Statesmen

ভাৰত আৰু বাংলাদেশৰ মাজত ভিছা সম্পৰ্কীয় বিষয়ে আলোচনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু বাংলাদেশে পৰ্যটক, শিক্ষাৰ্থী আৰু ব্যৱসায়িক ভিছা সম্পৰ্কীয় ২০১৮ চনৰ সংশোধিত ভ্ৰমণ ব্যৱস্থাৰ অধীনত ব্যৱস্থাসমূহৰ অধিক নিবিড় ৰূপায়ণৰ বাবে সন্মত হৈছে। ঢাকাত অনুষ্ঠিত তৃতীয় ভাৰত-বাংলাদেশ কনচুলাৰ আলোচনাৰ সময়ত দুয়োখন দেশে ভ্ৰমণৰ সহজতা বৃদ্ধিৰ বাবে ভিছা প্ৰক্ৰিয়া আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ নিয়মৰ অধিক উদাৰীকৰণৰ বাবে সন্মত হয়।