ভাৰতৰ এটা সোণোৱালী গৌৰৱ : আনন্দৰাম বৰুৱা- সুশান্ত দাস

pc Wikipedia

ভাৰতৰ এটা সোণোৱালী গৌৰৱ : আনন্দৰাম বৰুৱা

ইউৰােপীয় সাহিত্যৰ দ্বাৰা অনুপ্রাণিত হৈ প্রাচীন ভাৰতীয় সাহিত্য পুৰাণ-দর্শন আদিৰ নতুন পদ্ধতিৰে আলােচনা কৰাত মনােনিবেশ কৰা ভাৰতীয় পণ্ডিতসকলৰ ভিতৰত ৰমেশচন্দ্র দত্ত, ৰামকৃষ্ণ গােপাল ভাণ্ডাৰকাৰ, ইন্দ্রজী ভবানী, ৰাজেন্দ্রলাল মিত্ৰ আৰু আনন্দৰাম বৰুৱা আদি প্রধান। ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত সমালােচনামূলক সাহিত্যৰ দ্বাৰা তেওঁলােকে এক নতুন যুগৰ সৃষ্টি কৰে। তেওঁলােকৰ ভিতৰত আনন্দৰাম বৰুৱাইএকাণপটীয়াকৈসংস্কৃত সাহিত্যৰ পূজা কৰিছিল। গতিকে তেওঁ ভাৰতীয় সাহিত্যৰ এই নতুন যুগৰ এজন পুৰােহিত হিচাপে বিবেচিত হৈ আছে।
জ্ঞানেই পৃথিৱীৰ একমাত্ৰ বস্তু যি মানুহ আৰু অন্যান্য ইতৰ প্ৰাণীৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল অংকন কৰিছে। ইয়াৰ উপৰি মানুহৰ জ্ঞানৰ সঞ্চয় কৰাৰ কৌশলে এই জ্ঞানক যুগে যুগে জীয়াই ৰখাৰ লগতে ইয়াক পৰ্যায় ক্ৰমে বিকশিত কৰিও আহিছে। যদিও পৃথিৱীৰ অধিকাংশ মানুহেই জীৱন আৰু জীৱিকাৰ পাকচক্ৰতেই আবদ্ধ,তথাপিও কিন্তু এনে কিছুমান মহাপুৰুষেও এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে যি জীৱন জীৱিকাৰ চিন্তাৰ পৰা উৰ্দ্ধলৈ গৈ এই জগতক জ্ঞানৰ আলোকেৰে আলোকিত কৰিছে। এই পবিত্ৰ অসমভূমিত জন্মলাভ কৰা তেনে এজন মহাপুৰুষ হৈছে আনন্দৰাম বৰুৱা। তেওঁ যদিও অসমৰ প্ৰথম আৰু ভাৰতৰ ষষ্ঠজন ভাৰতীয় অসামৰিক সেৱাত উত্তীৰ্ণ ব্যক্তি বুলি বিখ্যাত কিন্তু বিশ্ববাসীৰ আগত তেওঁ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হিচাপেহে অমৰ হৈ আছে। ব্যক্তিজনক স্মৰণ কৰি। যুগে যুগে তেওঁ অসমীয়াৰ বাবে এক আদৰ্শ ব্যক্তিত্ব। এই মহানজনৰ অতুলনীয় পাণ্ডিত্য, অধ্যৱসায়, জাতিপ্ৰেমে তেওঁক অমৰত্ব প্ৰদান কৰিছে। আজি মৃত্য দিৱসত স্মৰণ কৰিছোঁ পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাক। স্মৰণ কৰিবলৈ ওলাইছোঁ বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিতজনক।
    আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল নয়নাভিৰাম প্ৰাকৃতিক পৰিৱেশৰ, লুইতৰ পাৰৰ উত্তৰ গুৱাহাটীত। আহোম যুগৰে
পৰা প্ৰখ্যাত মজিন্দাৰ বৰুৱা বংশত জন্ম তেওঁৰ। সমাজৰ সন্মানীয় ব্যক্তি গৰ্গৰাম বৰুৱাৰ ঔৰসত আৰু দুৰ্ল্লভেশ্বৰী বৰুৱাৰ গৰ্ভত ১৭৭২ শকৰ জেঠ মাহত (১৮৫০ চনত) আনন্দৰামে জন্মগ্ৰহণ কৰিছিল। চাৰিজন পুত্ৰ সন্তানৰ মাজৰ তৃতীয় আনন্দৰামে সৰুৰে পৰাই উচ্চ খাপৰ মেধাৰ পৰিচয় দিছিল। আনন্দৰাম বৰুৱাৰ উপৰিপুৰুষ দুৰ্গাচৰণ বৰকাকতি ওৰফে মাণিকচন্দ্ৰ মজিন্দাৰ বৰুৱা এজন ইতিহাসপ্ৰসিদ্ধ ব্যক্তি আছিল। তেওঁ আহোম স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ ৰাজসভাৰ এজন পণ্ডিত আছিল। তেওঁ এবাৰ কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰজালৈ কেঁচুৰ ৰসেৰে লিখা চিঠি এখন আন্ধাৰত পঢ়ি দেখুৱাই ৰজাৰ প্ৰশংসা বুটলিছিল আৰু মজিন্দাৰ বৰুৱা খিতাপ পাইছিল। আনন্দৰাম বৰুৱা গৰ্গৰাম বৰুৱাৰ সাতজন সন্তানৰ ভিতৰত তৃতীয় সন্তান আছিল। তেওঁৰ পৰশুৰাম আৰু জানকীৰাম নামেৰে দুজন জেষ্ঠ ভাতৃ আছিল আৰু মণিৰাম,আত্মাৰাম,অমৃতৰাম আৰু কেশৱৰাম নামেৰে চাৰিগৰাকী কনিষ্ঠ ভাতৃ আছিল। সৰুতে ঘৰতে অধ্যাপকৰ পৰা সংস্কৃতৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ গভৰ্ণমেন্ট স্কুলত ইংৰাজী অধ্যয়ন কৰিছিল। আনন্দৰাম বৰুৱাই এণ্ট্ৰেন্স উত্তীৰ্ণ হৈ জলপানী লাভ কৰি কলকাতাৰ বিখ্যাত প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰিছিল। সৰুৰে পৰা আনন্দৰাম বৰুৱা পঢ়া-শুনাত বৰ মনোযোগী ছাত্ৰ আছিল। তেওঁ নিৰ্জন ঠাইত থাকি পঢ়া-শুনা কৰি ভাল পাইছিল। সৰুৰে পৰা তেখেতৰ আটাইতকৈ প্ৰিয় বিষয় আছিল সংস্কৃত আৰু অংক। স্কুলত পঢ়ি থকা কালতেই তেওঁ সংস্কৃত অভিধান ‘অমৰকোষ‘খন মুখস্থ মাতিব পাৰিছিল। সেই সময়তে তেওঁ সংস্কৃত ব্যাকৰণ আৰু অলংকাৰৰ বিষয়েও বিশেষভাৱে অধ্যয়ন কৰিছিল। কথিত আছে,সৰুতে ধেমালি কৰোঁতেও তেওঁ সংস্কৃত শ্লোক বিলাক মুখস্থ মাতিছিল। যেতিয়া আনন্দৰামে মনোযোগেৰে কিতাপ পঢ়ি থাকে,তেতিয়া তেওঁক কিবা ক‍’লে নুশুনিছিল। কেইবাবাৰো মতাৰ পাছতহে চক খাই উঠিছিল। আনন্দৰাম বৰুৱা গুৱাহাটী হাইস্কুলত পঢ়ি থকা সময়ত তাৰ প্ৰধান শিক্ষক আছিল জন্মেজয় দাস। তেওঁৰ সহপাঠীসকল আছিল মানিক চন্দ্ৰ বৰুৱা, ফটিক চন্দ্ৰ বৰুৱা,ডাঃ জালানুৰ আলি আহমদ, ডাঃ শিৱৰাম বৰা আদি। প্ৰধান শিক্ষক জন্মেজয় দাসে ছাত্র সকলক বিলাতলৈ পঢ়িবলৈ যাবলৈ সেই সময়তে বিশেষ উদগণি যোগাইছিল বুলি জনা যায়। যাৰ বাবে সৰুতেই আনন্দৰাম বৰুৱাৰ মনত বিলাতত পঢ়িবলৈ যোৱাৰ বিশেষ হেপাঁহ জন্মিছিল। হাইস্কুলৰ শিক্ষাৰ শেষত ১৮৬৪ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ ‘এন্ট্ৰেন্স’ পৰীক্ষা দিব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ কিছুদিনৰ আগৰে পৰা আনন্দৰাম বৰুৱা অসুখীয়া হৈ পৰাত তেওঁ নৰীয়া গাৰেই পৰীক্ষাত বহিবলৈ বাধ্য হৈ পৰে। ই তেওঁৰ ফলাফলতো প্ৰভাৱ পেলায় আৰু সেই পৰীক্ষা তেওঁ দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হবলৈ সক্ষম হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ ৬ মাহ। আনন্দৰাম বৰুৱাৰ কলিকতা যাত্ৰা
কলিকতা আছিল ঔপনিবেশিক বৃটিছে গঢ়া ভাৰতৰ প্ৰথমখন ৰাজধানী। ই বৃটিছৰ কেৱল শাসনৰ কেন্দ্ৰ বিন্দুৱেই নাছিল,ই আছিল সেই সময়ৰ প্ৰাচ্য আৰু পাশ্চাত্য জ্ঞান আৰু সংস্কৃতিৰ মিলনভূমি। ইংৰাজসকলে তাত গঢ়ি তুলিছিল কলিকতা বিশ্ববিদ্যালয়, প্ৰেচিডেঞ্চি কলেজকে আদি কৰি বহুকেইখন অগ্ৰণী শিক্ষানুষ্ঠান। এন্ট্ৰেন্স পৰীক্ষা পাছ কৰি আনন্দৰাম বৰুৱাই উচ্চ শিক্ষাৰ্থে কলিকতালৈ বুলি ৰাওনা হয় আৰু ১৮৬৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেঞ্চি কলেজত নাম লগায়। প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা সময়ত তেওঁ সেই কলেজৰে হিন্দু হোষ্টেলৰ আবাসী আছিল। কলিকতাত গৈ প্ৰথম অৱস্থাত বৰুৱাৰ প্ৰতিভা বিকাশ হবলৈ সুবিধা পোৱা নাছিল,কিন্তু পাছলৈ তেওঁৰ মেধা শক্তি স্পষ্ট ৰূপত প্ৰকট হৈ পৰে। বৰুৱাৰ প্ৰতিভা প্ৰথম চকুত পৰিছিল কলেজৰ গণিতৰ অধ্যাপক গুৰুদাস বন্দোপাধ্যায় মহাশয়ৰ। তেখেতে ছাত্র সকলক অংক কৰিবলৈ দি কোনে কেনেকৈ কৰে চাই ফুৰিছিল। দেখিছিল যে আনন্দৰামে যিমানেই কঠিন অংক নহওক সহজ নিয়মেৰে অতি কম সময়ৰ ভিতৰতে কৰি শেষ কৰিছিল। আনন্দৰামে ১৮৬৬ চনৰ ডিছেম্বৰ মাহত এল. এ. (বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা) পৰীক্ষা দিয়ে। সেই পৰীক্ষাত তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ষষ্ঠ স্থান অধিকাৰ কৰে আৰু গণিতত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে। যি জন ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগতহে পাছ কৰিছিল সেইজন ছাত্ৰই ইমান উন্নতি কৰাতো বাস্তৱিকতে বৰ আচৰিত কথা আছিল। ইয়াৰ উপৰি তেওঁ গণিতত সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে ‘ ডাফ্ স্কলাৰ্চিপ’ নামৰ এটা ছাত্ৰ বৃত্তি লাভ কৰে। এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ পাছত আনন্দৰামে প্ৰেচিডেঞ্চি কলেজতে বি. এ. শ্ৰেণীত নাম লগাই পঢ়িবলৈ লয়। সেই সময়তে কেইজন বংগ যুৱকে বিলাতৰ পৰা ছিভিলিয়ান পৰীক্ষাত পাছ কৰি আহে আৰু তেওঁলোক সেই সময়ত প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা আনন্দৰাম বৰুৱাৰ দৰে ছাত্র সকলৰ বাবে আদৰ্শ হৈ পৰে। ১৮৬৯ চনৰ জানুৱাৰী মাহত বৰুৱাই বি.এ. পাছ কৰে। এই পৰীক্ষাত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছিল। প্ৰথম আছিল কাৰ্তিক চন্দ্ৰ মিত্ৰ আৰু দ্বিতীয় আছিল ত্ৰৈলোক্য নাথ বসু। আনন্দৰাম বৰুৱাই বি.এ. পৰীক্ষাত তৃতীয় স্থান পাইছিল যদিও প্ৰেচিডেঞ্চি কলেজৰ অধ্যাপক জেইমছ চাটক্লিফ চাহাবে বৰুৱাক সৰ্বোৎকৃষ্ট ছাত্র বুলি বংগদেশৰ শিক্ষা বিভাগৰ গুৰিয়াল হেনৰি উদ্ৰক পৰিচয় কৰাই দিছিল। বৰুৱাৰ অমায়িকতাত মুগ্ধ হৈ উদ্ৰই বৰুৱাক ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ লগত চিনাকি কৰি দিছিল। সুখ্যাতিৰে বি. এ. পাছ কৰা বৰুৱাই সেই সময়ত ‘স্টেইট্’ আৰু ‘গিলক্ৰাইস্ট’ নামৰ দুটা ছাত্র বৃত্তি লাভ কৰিছিল। সেই বৃত্তি দুটাৰ মূল্য আছিল মাহে ৪০০ টকা। ১৮৬৮ চনৰ পৰাই বৃটিছ চৰকাৰে ভাৰতীয় ছাত্ৰক বৃত্তি দি বিলাতত পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। এই বৃত্তি পাবৰ বাবে এটা বিশেষ পৰীক্ষা দিব লাগিছিল আৰু বি.এ. পাছ কৰা ছাত্ৰইহে এই পৰীক্ষা দিব পাৰিছিল। পৰীক্ষাত সৰ্বপ্ৰথম হোৱা ছাত্ৰজনেই এই বৃত্তি লাভ কৰিছিল। ১৮৬৯ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত পাছ কৰি আনন্দৰাম বৰুৱাই এই বৃত্তি লাভ কৰে। বৃত্তিটোৰ ধনৰ পৰিমাণ আছিল ৩ হাজাৰ টকা আৰু বৃত্তিটোৰ সময় তিনি বছৰৰ বাবে ধাৰ্য কৰা আছিল। বিলাতত পঢ়িবলৈ বৰুৱাৰ বহু দিনৰ পৰাই হেপাঁহ আছিল। তাতে আকৌ চৰকাৰৰ পৰা তিনিটাকৈ বৃত্তি পোৱাত আনন্দৰামৰ সেই আশা আৰু স্থায়ী হ’ল। আৰু তেওঁ বিলাতলৈ যাবলৈ সাজু হ’ল। সেইসময়ত অসমীয়া বা ভাৰতীয় সকলৰ ধাৰণা আছিল যে,জাহাজত উঠি সাগৰ পাৰ হৈ বিদেশলৈ গ’লে জাতি যায়। সেই কাৰণত আৰু তেওঁলৈ থকা মৰমৰ বাবে তেওঁক পৰিয়ালৰ সকলোৱে বিলাতলৈ যাবলৈ বাধা দিছিল। কিন্তু একাগ্ৰমনা বৰুৱাই সকলো বাধা একাষৰীয়া কৰি যাবলৈ ওলাল। সেই সময়তে বংগদেশৰ শিক্ষা বিভাগৰ গুৰিয়াল উদ্ৰ চাহাবো বিলাতলৈ যাবলৈ ওলাইছিল। ১৮৬৯ চনৰ গৰমৰ দিনতেই উদ্ৰ চাহাবৰ লগতেই আনন্দৰামে উচ্চ শিক্ষাৰ আশাত বিলাতলৈ বুলি যাত্ৰা কৰে। ১৮৭০ চনত তেওঁ আই ছি, এছ, পৰীক্ষাত, তাৰ পিছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা বি. এছ. চি. আৰু মিডল টেম্পলৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ মেধা শক্তিৰ পৰিচয় দিয়ে। লণ্ডনত থাকােতে তেওঁ এসময়ৰ ভাৰতৰ ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ দেউতাকৰ সান্নিধ্য পাইছিল। ১৮৭২ চনত আনন্দৰাম বৰুৱাই ভাৰতলৈ ঘূৰি আহে। লণ্ডনৰ পৰা ঘূৰি আহি আনন্দৰামে ওপজা ঠাইৰজাদুৱাৰলৈ যায়। কিন্তু তেওঁ তাত এক হতাশজনক পৰিস্থিতিৰ সন্মুখীন হয়। বিদেশৰ পৰা অহা বাবে দেউতাক গৰ্গৰামে আনন্দৰামক প্রায়শ্চিত্ত নােহােৱাকৈ ঘৰৰ ভিতৰত সােমাব দিয়া নাছিল। ঘৰৰ সন্মুখত এটা তম্ভ তৰি দি তাত আনন্দৰামক থাকিবলৈ দিছিল। দেউতাকে তেওঁক বাৰম্বাৰ প্রায়শ্চিত্ত হ’বলৈ অনুৰােধ কৰিছিল যদিও আনন্দৰামে সেই কাম কৰিবলৈ সন্মত নহ’ল। তেওঁৰ যুক্তি হ’ল তেওঁ বিলাতলৈ গৈ একো পাপ কাম কৰা নাই। অৱশেষত তেওঁ ৰজাদুৱাৰ এৰি শিৱসাগৰলৈ ৰাওনা হয়। আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাখনকেই চাকৰিৰ ক্ষেত্ৰ হিচাপে বাছি লৈছিল। শিৱসাগৰত তেওঁ জিলাৰ সহকাৰী উপায়ুক্ত হিচাপে যােগদান কৰে। ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ দেউতাক আনন্দৰামৰ বন্ধু জালনুৰ আলী আহমেদ আছিল শিৱসাগৰৰ এছিষ্টেণ্ট চিভিল চার্জন। এদিন অসমৰ চীফ কমিছনাৰৰ অভ্যর্থনাৰ বাবে আয়ােজন কৰা ভােজমেলত আনন্দৰাম বৰুৱা আৰু জালমুৰ আলী আহমেদকে নিমন্ত্রণ কৰিছিল। কিন্তু তেওঁলােক দুজনক চাহাবৰ সৈতে একেখন টেবুলতে খাবলৈ নিদি সুকীয়া টেবুলত ব্যৱস্থা কৰিছিল। এই কথাত দুয়ােজনে অপমানবােধ কৰি ভােজমেলৰ পৰা গুচি আহিছিল। এই কাৰণতেই দুয়াে অসমত চাকৰি কৰাৰ মন নকৰি এবছৰ পিছত বঙ্গদেশলৈ বদলি হয়। বঙ্গদেশতেই আনন্দৰামে জীৱনৰ বাকী কালছােৱা কটায়। বংগদেশত সহকাৰী জিলা মেজিষ্ট্রেট হিচাপে চাকৰি কৰি পিছলৈ জিলা মেজিষ্ট্রেট আৰু কালেক্টৰ পদত অধিষ্ঠিত হৈছিল। যােল্ল বছৰ চাকৰি জীৱনত তেওঁ এজন সুদক্ষ প্রশাসক হিচাপে পৰিচিত হৈ পৰিছিল। তেওঁ ৰাইজৰ এজন নিঃস্বার্থ সেৱকৰূপে কাম কৰিছিল। আনন্দৰাম বৰুৱাৰ অগাধ পাণ্ডিত্যৰ কথা জানি বংগৰ নােৱাখালীবাসী মুগ্ধ হৈছিল। এসময়ত আনন্দৰাম বৰুৱা বংগৰ আপােন হৈ পৰিছিল। আনন্দৰাম বৰুৱাৰ নামেৰে স্কুল, বজাৰ স্থাপন হৈছিল। তেওঁ ঘৰৰ দুৱাৰমুখত চাউলৰ পাচিৰে সৈতে এজন মানুহক ৰৈ থাকিবলৈ নিযুক্তি দিছিল, যাতে ভিক্ষাৰী আহিলে শুদা হাতেৰে ঘূৰি যাবলগীয়া নহয়। আনকি তেওঁ দুখীয়া ল’ৰা-ছােৱালীক টকাপইচা, কিতাপ-পত্র দি সহায় কৰিছিল। আনন্দৰাম বৰুৱাই উচ্চ পদত কার্যনির্বাহ কৰা সত্ত্বেও তেওঁ সাহিত্য চর্চা বাদ দিয়া নাছিল। চাকৰিৰ মাজেদিয়েই তেওঁ সংস্কৃত ভাষা-সাহিত্য চর্চাত গভীৰভাৱে মনােনিবেশ কৰিছিল। তিনিটা খণ্ডত প্রকাশিত তেখেতৰ ইংৰাজী-সংস্কৃত অভিধান এক অমূল্য সম্পদ। এই বৃহৎ অভিধানৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ লগত আনন্দৰাম বৰুৱাৰ মৌলিক ৰচনা ক্রমে ‘হায়াৰ সংস্কৃত গ্রামাৰ আৰু ‘এনছিয়েন্ট জিঅ’গ্ৰাফী অৱ ইণ্ডিয়া’ সংযােজন হৈছে। মহাকবি ভবভূতিৰ ‘মহাবীৰ চৰিত’ৰ সম্পাদনা আৰু তাৰ লগতে সংযােজন কৰা ‘জানকীৰাম ভাষ্য’আনন্দৰাম বৰুৱাৰ আন এক মূল্যবান সাহিত্য কৃতি। আনন্দৰাম বৰুৱাৰ অন্য এক সাহিত্যকৃতি হ’ল ভবভূতি এণ্ড হিজ প্লেচ ইন সংস্কৃত লিটাৰেচাৰনামৰ সমালােচনাত্মক গ্রন্থ। “এ কম্পেনিয়ন টু দ্যা সংস্কৃত বিডিং ফৰ আণ্ডাৰ গেজুৱেট অৱ দ্যা কলকাতা ইউনিভাৰচিটি’ তেওঁ অন্য এখন মূল্যবান পাঠ্যপুথি। ১৮৮১ চনত আনন্দৰাম বৰুৱাই এক বৃহৎ কর্ম আঁচনি হাতত লয়। এ কম্প্রিহেনচিভ গ্রামাৰ অৱ দ্যা সংস্কৃত লেগুৱেজ, ক্রিটিকেল এনালিটিকেল এণ্ড হিষ্টৰিকেল’ নামৰ সংস্কৃত ব্যাকৰণৰ বাৰটা খণ্ডত প্ৰকাশৰ এক পৰিকল্পনা তেখেতে কৰিছিল। কিন্তু এই কাম কিছু হ’ল যদিও তেওঁৰ এই বিশাল পৰিকল্পনা সম্পূর্ণ নহ’ল। সৰস্বতীকণ্ঠাভূষণ, নামলিঙ্গানুশাসন, ধাতুকোষ আৰু ধাতুবৃত্তিষাৰ আনন্দৰাম বৰুৱাৰ সংস্কৃত সাহিত্যৰ ভঁৰাললৈ অন্য কিছুমান উপহাৰ। আনকি তেওঁ নােৱাখালীত নিজৰ গ্ৰন্থ ছপাবলৈ ‘মণিৰাম যন্ত্র’ আৰু বৰহমপুৰত অৰুনােদই যন্ত্র’ নামৰ দুটা ছপাশালাে স্থাপন কৰিছিল। কিন্তু অতি কম বয়সতে তেওঁৰ মৃত্যু হােৱাত আৰু তেওঁৰ প্রকৃত উত্তৰাধিকাৰীৰ অভাৱত ছপাশাল দুটা বন্ধ হয় আৰু তেওঁৰ গ্ৰন্থৰ বহুতাে পাণ্ডুলিপি ধ্বংস হয়।
       নোৱাখালি জিলাৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰিবলৈ বৰুৱাই নথৈ যত্ন কৰিছিল। সেই উদ্দেশ্যে জিলাৰ গণ্যমান্য ধনী মানুহবিলাক গোটাই ইংলণ্ড, আমেৰিকা আদি পশ্চিমৰ দেশ বিলাকৰ লগত বেহা-বেপাৰ কৰিবলৈ বুলি এখন সভা পাতে, কিন্তু নিৰ্ধাৰিত টকা গোট নোখোৱাত সেই কাম হৈ নুঠিল। তাৰ মানুহবিলাকে ঘৰুৱা বস্তু বেচা-কিনা কৰিবলৈ ঠায়ে ঠায়ে হাট বৰুৱাইছিল। পানীৰ সুবিধাৰ কাৰণে পুখুৰী খনাই দিয়াইছিল। এতিয়াও নোৱাখালি জিলাৰ “বৰুৱা দিঘী” আৰু “বৰুৱা বাজাৰে” আনন্দৰাম বৰুৱাৰ স্মৃতি সজীৱ কৰি ৰাখিছে। নোৱাখালিৰ জুবিলী ছোৱালী হাইস্কুলখনো বৰুৱাইহে স্থাপন কৰিছিল। মুঠতে নোৱাখালি জিলাত বৰুৱাই যিবিলাক ভাল কাম কৰি আহিল, তাৰ বাবে আজিও তাৰ অধিবাসীবিলাকে বৰুৱাৰ নাম পাহৰিব পৰা নাই। যিখন ঠাই আৱৰ্জনাৰে পৰিপূৰ্ণ, যিখন ঠাইৰ বাসিন্দাই নিজক নিজে দেখিব নোৱাৰিছিল, সেই হেন ঠাইক বৰুৱাই অময়াপুৰী যেন কৰিলে। অকল চৰকাৰৰ টকাৰেই যে প্ৰজাৰ হিতজনক কাম কৰিছিল এনে নহয়, নিজৰ জেপৰ টকা খৰছ কৰিও প্ৰজাৰ অভাৱ, অসুবিধা দূৰ কৰিছিল। তলত দিয়া উদাহৰণটিৰ পৰা বৰুৱাৰ উদাৰ মনৰ পৰিচয় পোৱা যায়। সন্দীপ আৰু হাটীয়া দ্বীপ দুটা সাগৰৰ মাজত মানুহ থকা দুটা মাজুলীৰ দৰে। তালৈ অহা-যোৱা কৰোতে নাৱৰ পৰা পৰি বা নাও ডুবি বহুত মানুহ মৰিছিল। বৰুৱাই প্ৰজাৰ দুৰ্গতি দেখি, তাত এখন সৰু জাহাজ চলাবলৈ বুলি জাহাজ কোম্পানীৰ লগত বহুত লিখালিখি কৰে। জাহাজৰ যাত্ৰী কম হোৱাৰ ভয়ত কোম্পানীয়ে প্ৰথমে জাহাজ চলাবলৈ অমত প্ৰকাশ কৰিছিল। কিন্তু বৰুৱাই নিজৰ পৰা আগধন কোম্পানীক দিও জাহাজ চলালে। লাহে লাহে যাত্ৰীৰ সংখ্যা বেচি হোৱা বাবে সেই জাহাজ স্থায়ীভাৱে চলাচল কৰিবলৈ ধৰিলে। নোৱাখালিত থাকোতেই বৰুৱাই বৰ বেচিকৈ মানসিক পৰিশ্ৰম কৰিছিল। সেই কাৰণে তেখেতৰ শৰীৰ ক্ৰমে দুৰ্বল হৈ আহিবলৈ ধৰিলে। শেষত ১৮৮৮ চনৰ ডিচেম্বৰ মাহত বৰুৱাৰ শৰীৰত পক্ষাঘাত বেমাৰে দেখা দিলে।নোৱাখালিতে তেওঁ প্ৰাৰম্ভিক চিকিৎসা কৰাইছিল যদিও বিশেষ ফল নাপালে। শেষত উপায়ান্তৰ হৈ ১৮৮৯ চনৰ বৰদিনৰ বন্ধৰ লগতে ২ মাহ কামৰ পৰা ছুটী ল’লে। আৰু কলিকতালৈ গৈ চিকিৎসা কৰাবলৈ সাজু হ’ল।বৰুৱাদেৱৰ হঠাত এনে হোৱাত নোৱাখালিবাসীৰ শোকৰ পাৰ নোহোৱা হ’ল। তেওঁলোকে বৰুৱাৰ আশু আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া আই. চি. এছ. বিষয়া,প্ৰথম গ্ৰেজুৱেট আৰু বেৰিষ্টাৰ। কিন্তু বিশ্ববাসীৰ আগত তেওঁ অমৰ হৈ আছে এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হিচাপেহে। অতি চমু জীৱনকালত আনন্দৰাম বৰুৱাই কৰি যোৱা বিশাল কৰ্মৰাজী দেখি আজিও বিশ্বৰ বিদ্বান সমাজে তবধ মানে। সৰুৰে পৰা আনন্দৰামৰ প্ৰিয় বিষয় আছিল সংস্কৃত। ছিভিল চাৰ্ভিছৰ পৰীক্ষাতো তেওঁ সংস্কতক ঐচ্ছিক বিষয় হিচাপে লৈছিল। ইয়াৰ উপৰিও তেওঁ পাশ্চাত্য বিদ্বান সমাজত সংস্কৃত সাহিত্যৰ প্ৰতি যি বাঢ়ি অহা জনপ্ৰিয়তা দেখিছিল তাৰ উৎসাহতেই তেওঁ ভাৰতলৈ উভতি আহি জীৱনৰ বাকীছোৱা কাল সংস্কৃত ভাষা আৰু সাহিত্যৰ নামত উৎসৰ্গা কৰিবলৈ মনস্থ কৰিলে। ব্যৱহাৰিক ইংৰাজী-সংস্কৃত অভিধান-১ম, ২য় আৰু ৩য় খণ্ড তেওঁ শিৱসাগৰত এচিষ্টেন্ট মেজিষ্ট্ৰেট হিচাপে চাকৰিত যোগদান কৰাৰ পাছতেই এখন ইংৰাজী-সংস্কৃত অভিধান লিখাৰ কাম আৰম্ভ কৰিলে। এজন ২৩-২৪ বছৰীয়া অসমীয়া ডেকাই অসমৰ দৰে এখন পাছপৰা ঠাইত থাকি তেনে এটা কাম হাতত লোৱাতো সেই সময়ত অতি সাহসৰ কথা আছিল। বৰুৱাই অভিধানৰ পাতনিতে লিখিছিল- “এনে এটা উদ্যম তেওঁৰ পক্ষে ধৃষ্টতা মাত্ৰ। কিন্তু অন্য সংস্কৃতজ্ঞসকলে অভিধান এখন কৰাৰ অলপো চেষ্টা নকৰাতহে তেওঁ এই কাম হাতত ল’বলৈ বাধ্য হব লগাত পৰিল।” ১৯৭৭ চনত আৰম্ভ কৰা এই অভিধান প্ৰণয়নৰ কাম অশেষ পৰিশ্ৰমৰ অন্তত ১৯৮০ চনত দিনাজপুৰত দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত সমাপ্ত হয়। অভিধান খনৰ আকাৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ইয়াক তিনিটা খণ্ডত বিভক্ত কৰিছিল। অভিধান খন প্ৰকাশৰ পাছত ইংৰাজী-সংস্কৃত অভিধানৰ প্ৰথম গৰাকী ভাৰতীয় আৰু বিশ্বৰ দ্বিতীয় গৰাকী প্ৰণেতা হিচাপে চিনাকী লাভ কৰা আনন্দৰাম বৰুৱাই কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে বিদ্বান সমাজৰ বিশেষ প্ৰশংসা আৰু উদগনি লাভ কৰিছিল। অভিধানখনি প্ৰকাশিত হৈ ৰাইজৰ আগলৈ ওলোৱাৰ আগতে বৰুৱাই প্ৰথম খণ্ডৰ ৬৪ পৃষ্ঠা জগত বিখ্যাত সংস্কৃত পণ্ডিত আৰু বেদৰ অনুবাদক মেক্স মূলাৰলৈ পঠিয়াই দিছিল। তাৰ উত্তৰত মেক্স মূলাৰে আনন্দৰাম বৰুৱালৈ লিখি পঠাইছিল-“আপোনাৰ অভিধানখনি সংস্কৃত- ইংৰাজী অভিধানৰ মাথোন ওভোতা সংস্কৰণ নহয়- আপুনি প্ৰত্যকটো শব্দকে সুকীয়াকৈ ধৰিছে আৰু প্ৰত্যেক ইংৰাজী শব্দৰ যথাসম্ভৱ উপযুক্ত সংস্কৃত প্ৰতিশব্দ দিয়াত আপোনাৰ এই দুই ভাষাৰ বচনভংগীত যে কেনে বিস্তৃত জ্ঞান সেইটো ভালকৈ ফুটি ওলাইছে। আৰু আপুনি সংস্কৃত গ্ৰন্থাকাৰসকলৰ শব্দ প্ৰয়োগৰ উদাহৰণৰ কাৰণে যিবোৰ বাক্য তুলি দিছে তাৰ পৰা কিতাপখনৰ উপকাৰ বৰকৈ বাঢ়িছে আৰু কিতাপখনক পাণ্ডিত্যপূৰ্ণ কৰি তুলিছে।” পিতৃ-মাতৃলৈ অসীম মৰম আৰু শ্ৰদ্ধা থকা আনন্দৰামে তেওঁৰ এই সৰ্বপ্ৰথম গ্ৰন্থ অৰ্থাৎ অভিধানখনি পিতৃ-মাতৃৰ উদ্দেশ্যে এইদৰে মৰমিয়াল ভাষাৰে উচৰ্গা কৰে-“মোৰ প্ৰিয়তম মাতৃ আৰু পিতৃ, দুৰ্লভেশ্বৰী আৰু গৰ্গৰাম বৰুৱাৰ প্ৰবিত্ৰ স্মৃতিত পৰিচিতৰ প্ৰশংসা,পুত্ৰৰ স্নেহ আৰু শিষ্যৰ কৃতজ্ঞতাৰ সৈতে ভক্তিভাৱে এই গ্ৰন্থ উচৰ্গা কৰিলো।” আনন্দৰাম বৰুৱাই উচ্চ সংস্কৃত ব্যাকৰণ ব্যাকৰণখন ইংৰাজীতে লিখা। প্ৰথমতে ইয়াক অভিধানৰ দ্বিতীয় খণ্ডৰ লগত পাতনিৰূপে সংযোগ কৰি দিয়া হয়। পাতনি যদিও ই এখন স্বাধীন গ্ৰন্থ আছিল- বহুতে এই গ্ৰন্থ কিনিবলৈ ইচ্ছা কৰাত বৰুৱাই তাক অভিধানৰ বুকুৰ পৰা আঁতৰাই সুকীয়া গ্ৰন্থৰূপে ছপা কৰি উলিয়ায়। এই গ্ৰন্থখনিয়ে পশ্চিমীয়া শিকাৰু সকলৰ পক্ষে সংস্কৃত শিক্ষাৰ বাট বৰ সুচল কৰি দিয়ে। এই গ্ৰন্থখনত ঘাইকৈ সংস্কৃত লিংগপ্ৰকৰণ আৰু বাক্যবিন্যাসৰ আলোচনা আছে। বৰুৱা গ্ৰীক আৰু লেটিন ভাষাত সুপণ্ডিত আছিল। তেওঁ সম্ভৱপৰ ঠাইত ইয়োৰোপীয় প্ৰাচীন ভাষাৰে সৈতে ভাৰতৰ প্ৰাচীন ভাষাৰ ব্যাকৰণৰ নিয়মাৱলীৰ সাদৃশ্য দেখুৱায় দি গৈছে। প্ৰাচীন ভাৰতৰ ভূগোল এই গ্ৰন্থখন আনন্দৰাম বৰুৱাই তেওঁৰ অভিধানৰ তৃতীয় খণ্ডৰ পাতনি হিচাপে লিখিছিল। এই গ্ৰন্থখনত ভাৰতীয় কাব্য,নাটক, পুৰাণ আদিত সঘনাই উল্লেখিত ঠাই সমূহৰ বিৱৰণ আছে। ভাৰতৰ পুৰাতত্ত্ব যিসকলে আলোচনা কৰিছে তেওঁলোকৰ কাৰণে এই প্ৰাচীন ভূগোলখনি বৰ লাগতিয়াল। ভৱভূতিৰ মহাবীৰচৰিত-জানকীৰিম ভাষ্য টীকা সম্বলিত
১৮৭৭ চনৰ অক্টোবৰ মাহত আনন্দৰাম বৰুৱাই স্বৰচিত টীকাৰে সৈতে সম্পাদিত কৰি মহাকবি ভৱভূতিৰ ‘মহাবীৰচৰিত’ নাটকৰ এটি সংস্কৰণ প্ৰকাশ কৰে। সংস্কৃত টীকাকাৰসকলে নিজৰ ৰচিত ব্যাখ্যা বা টীকাৰ এটি এটি নাম দিয়ে। আনন্দৰামে ভৱভূতিৰ মহাবীৰচৰিতৰ যি ভাষ্য ৰচনা কৰিলে তাৰ নাম তেওঁ প্ৰিয় ককায়েকৰ নাম অনুসৰি ৰাখিলে জানকীৰাম -ভাষ্য। কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কৃত শিক্ষাৰ্থী আণ্ডাৰ গ্ৰেজুৱেটৰ সহচৰ কলিকতা বিশ্ববিদ্যালয়ে ১৮৭৮-৮৯ চনৰ এফ.এ. আৰু বি. এ. পৰীক্ষাৰ কাৰণে মেঘদূত কুমাৰসম্ভৱ ১-৭ সৰ্গ, ৰঘুবংশ ১- ৯ সৰ্গ,ভট্টিকাব্য ১- ৫ সৰ্গ আৰু অভিজ্ঞান শকুন্তলা পাঠ্যৰূপে নিৰ্ধাৰিত কৰিছিল। এই গ্ৰন্থখনত তেওঁ উক্ত গ্ৰন্থ কেইখনৰ লাগতিয়াল অংশৰ ওপৰত টীকা, সমালোচনা আৰু অন্যান্য অভিমত সন্নিবিষ্ট কৰিছিল।ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান মহাবীৰচৰিতৰ পাতনিত অঙ্গীকাৰ কৰা ‘ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান’ নামে কিতাপখনি ১৮৭৮ চনৰ ফেব্রুৱাৰী মাহত প্রকাশিত হয়। এইখনি সংস্কৃত সাহিত্য বুৰঞ্জীৰ অন্তৰ্গত এখনি বৰ লাগতিয়াল কিতাপ। এইটো সদায় আক্ষেপৰ কথা হৈ আছিল যে, ভাৰতীয় পণ্ডিতসকলে সমালােচনা পদ্ধতি অৱলম্বন কৰি সংস্কৃত সাহিত্যৰ বুৰঞ্জী ৰচনা কৰা নাই, আৰু কোনাে প্রাচীন কবি বা গ্রন্থকাৰৰ বিষয়ে সম্যক আলােচনাও কৰা নাই। মেক্স মূলাৰ, ওয়েবাৰ, ফ্রেজাৰ, মেনেল আদি ইউৰােপীয় পণ্ডিতে সংস্কৃত সাহিত্যৰ বুৰঞ্জী লিখিছে, ভাৰতীয় পণ্ডিতে তেতিয়ালৈকে সেই বিভাগত অগ্ৰসৰ হােৱা নাছিল। আনন্দৰাম বৰুৱাই সেই বিভাগৰ ৰচনাৰ পােনতে সূত্রপাত কৰে। আনন্দৰামৰ সকলােবিলাক গ্ৰন্থতকৈ বােধকৰোঁ ভৱভূতিৰ বিষয়ে এই ৰচনাখনিয়েই সবাতকৈ বেছি মৌলিক। ভৱভূতিৰ কাল, ৰাম সম্পর্কীয় নাটক, আৰু ভৱভূতিৰ কাব্য আৰু লক্ষণৰ বিষয়ে যি মত বৰুৱাই এই গ্ৰন্থত প্ৰকাশ কৰিছে, সেইবােৰ বৰ সৰুৱা, অন্যান্য গ্রন্থকাৰসকলে তাক বৰ আনন্দেৰে নিজৰ গ্রন্থাদিত উদ্ধৃত কৰি তাক সমর্থন কৰে বা তাৰ দ্বাৰাই নিজৰ মত সমর্থন কৰায়।বামণৰ সূত্ৰ-বৃত্তি, বাগভটৰ অলংকাৰ আৰু সৰস্বতীৰ কণ্ঠাভৰণ সংস্কৃতত যিকেইখন অলঙ্কাৰ শাস্ত্ৰৰ গ্ৰন্থ আছে বৰুৱাই তাক একেলগে কৰি কিতাপৰ আকাৰে প্ৰকাশ কৰে। বামণৰ সূত্রবৃত্তি, বাগভটৰ অলঙ্কাৰ আৰু সৰস্বতী কণ্ঠাভৰণ এই তিনিখনি অলঙ্কাৰ শাস্ত্ৰৰ গ্ৰন্থ একেলগে কৰি ছপােৱাত, আৰু তাৰ লগত প্রাচীন টীকাকাৰসকলৰ টীকাৰ সাৰাংশ আৰু প্রাকৃত পৰিৱৰ্তনবিলাকৰ বিবৰণ দিয়াত এই কিতাপখনি অতি প্রকাণ্ড হয়, সেই দেখি ইয়াৰ মূল্য পােন্ধৰ টকা নিৰ্দ্ধাৰিত হয়। কিন্তু দুখীয়া পণ্ডিতসকলে ইমান দাম দি কিনিব নােৱাৰাত পাছলৈ তাৰ মূল্য কমাই সাত টকা আঠ অনা কৰা হয়।সৰস্বতী-কণ্ঠভাৰণ ১৮৮৩ চনত বামণ আৰু বাগভটৰ অলঙ্কাৰ গ্ৰন্থৰ লগত সৰস্বতীকণ্ঠাভৰণে প্রকাশিত হয়। কিন্তু সেই গ্রন্থৰ দাম অধিক হােৱাত সাধাৰণ পণ্ডিতসকলে তাক কিনিব নােৱাৰিছিল। সেই দেখি বৰুৱাই ১৮৮৪ চনত সৰস্বতী-কণ্ঠাভৰণৰ এটি নতুন সংস্কৰণ উলিয়ায়। এই সংস্কৰণৰ পাতনিত তেওঁ কৈছে যে সৰস্বতী – কণ্ঠাভৰণৰ আগৰ সংস্কৰণৰ দাম বেচি হােৱাত ভাটপাড়া আৰু মূলাজৰৰ পণ্ডিতসকলে সেই কিতাপ কিনিব পৰা নাই, সেই বিষয়ে বৰুৱাৰ ওচৰলৈ অনেকে ওজৰ-আপত্তি কৰি চিঠি লিখিছিল। সেইবাবে অলপ মাথােন টীকা আৰু ব্যাখ্যা সম্বলিত কৰি পাঁচ টকা দামত বৰুৱাই সৰস্বতী- কণ্ঠাভৰণৰ এই নতুন সংস্কৰণ প্রকাশ কৰে।অমৰসিংহৰ নামলিঙ্গানুশাসন আনন্দৰাম বৰুৱাই নানা সংস্কৃত শব্দশাস্ত্ৰ মন্থন কৰি এইটো কথা ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিলে যে সংস্কৃত শব্দশাস্ত্র শিক্ষা কৰিবৰ কাৰণে নৱৰত্ন সভাৰ উজ্জ্বল মণি অমৰসিংহৰ অমৰকোষ বা নামলিঙ্গানুশাসনৰ দৰে গ্ৰন্থ নাই। অমৰসিংহৰ অভিধানত নােহােৱা শব্দ নাই আৰু কোনাে এটি শব্দৰ এনে এটি অর্থ নাই যাৰ উল্লেখ পণ্ডিত ৰাজ অমৰসিংহই কৰা নাই। যদিহে কাচিৎ কোনাে ঠাইত কিবা হীন – ডেঢ়ি আছে। তেন্তে অমৰকোষৰ বিচক্ষণ টীকাকাৰসকলৰ যত্নত সেই বঢ়া-টুটাও পূৰণ হৈছে। আনন্দৰাম বৰুৱাই প্ৰকাশ কৰা নামলিঙ্গানুশাসন অমৰসিংহৰ অমৰকোষৰ এটি সংস্কৰণ মাথােন।ধাতুকোষ বা ধাতুপাঠ আনন্দৰাম বৰুৱাৰ ধাতুকোষ বা ধাতুপাঠ গ্ৰন্থত সকলো সংস্কৃত ধাতুৰ বৰ্ণনুক্ৰমে নাম আৰু অৰ্থ আছে। তাৰ লগে লগে মাধৱ, দুৰ্গাসিংহ আৰু বোপাদেৱ আদি বৈয়াকৰণিকসকলৰ গ্ৰন্থাৱলীৰ পৰা সাৰ টোকা দিয়া হৈছে।সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ মহাত্মা আনন্দৰামৰ বৰুৱাৰ সংস্কৃত সাহিত্য উপাসনাৰ সর্বশ্রেষ্ঠ অনুষ্ঠান হৈছে এই বৃহৎ সংস্কৃত ব্যাকৰণৰ ৰচনা আৰু সংকলনৰ আয়ােজন আৰু সেই আয়ােজনৰ আংশিকৰূপে কাৰ্যত পৰিণতি। আনন্দৰামৰ এটি ডাঙৰ অভিলাষ আছিল যে তেওঁ সংস্কৃত ব্যাকৰণৰ যতদূৰ সম্ভৱপৰ অংশ আছে- ধাতু, শব্দ, লিঙ্গ , প্রত্যয়, বিভক্তি, ছন্দ, অলঙ্কাৰ আদি তাৰ সকলােৰে আতি-গুৰি মাৰি এখন বৃহৎ ব্যাকৰণ লিখিব। এই গ্ৰন্থ লিখিবলৈ মন কৰিয়েই বৰুৱাই দেখিলে মেজিষ্ট্রেট দৰে এটা গুৰুদায়িত্বপূর্ণ কাম চলাই তাৰ লগে লগে এই বৃহৎ ব্যাকৰণ ৰচনাত মন কৰিলে দুয়াে কাম অসিদ্ধ হ’ব।সেইদেখি বৰুৱাই বন্ধুবৰ তাৰকনাথ পালিতৰ সৈতে পৰামৰ্শ কৰি বহমপুৰত এটি ঘৰ কিনে আৰু কিতাপ-পত্ৰ ছপােৱাৰ সুবিধাৰ কাৰণে নিজে এটি সংস্কৃত ছপাখানা কিনে, আৰু ভায়েকৰ নাম অনুসৰি সেই ছপাখানাৰ নাম থয় ‘মণিৰাম যন্ত্র’। বৰুৱাই ১৮৮১ চনৰ মে’ মাহৰপৰা তিনি মাহৰ অনুগ্রহ বিদায় লৈ এই সুবৃহৎ গ্রন্থ ৰচনাৰ আয়ােজন কৰে। কিন্তু অচিৰে তেওঁৰ এইটো অভিজ্ঞতা হ’ল যে ভাৰতত সংস্কৃত সমুচিত আলােচনা নহয়, বৰঞ্চ ইউৰােপীয় শিক্ষাকেন্দ্ৰবােৰতহে সংস্কৃতৰ যথাযথ আলােচনা চলিছে, তাত সংস্কৃতৰ প্রাচীন গ্রন্থাদি যিদৰে পােৱা যায় ভাৰতত সেইদৰে পােৱাটো অসম্ভৱ। সেইবাবে তেওঁ ১৮৮১ চনৰ নৱেম্বৰ মাহৰ পৰা দুবছৰৰ কাৰণে দীঘলীয়া বিদায় লৈ বিলাতলৈ যাবলৈ আয়ােজন কৰিলে।
আনন্দৰাম বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱ আৰু পণ্ডিতসকলৰ মাজত এই বৃহৎ গ্ৰন্থখনৰ প্ৰচাৰ কৰিবলৈ চাৰি পৃষ্ঠাজোৰা এখন জাননীত প্রকাশ কৰিছিল। ইয়াত লিখা আছিল- বাৰ খণ্ডত সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিবলৈ আয়ােজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ব্যাকৰণৰ নিয়মাৱলী যথাসম্ভৱ সবল কৰা, সেইবােৰৰ ঐতিহাসিক পৰিৱৰ্তন আদি পৰীক্ষা আৰু আলােচনা কৰা, বৰ্তমান আৰু প্রাচীন সাহিত্যৰ পৰা তাৰ সম্পূর্ণ উদাহৰণ দিয়া, আৰু চাৰিওখনি বেদৰ এটি সম্পূর্ণ টীকা আৰু ব্যাখ্যা প্রদান কৰা। কিন্তু অতি দুখৰ কথা যে, নিয়তিয়ে অকাল বয়সতে এই পৃথিৱীৰ পৰা লৈ যোৱাৰ বাবে আনন্দৰাম বৰুৱাই এই পৰিকল্পনাটোক সম্পূৰ্ণ সাকাৰ ৰূপ দিব নোৱাৰিলে। ইয়াৰ কেৱল দুটা খণ্ডহে প্ৰকাশ হৈ ওলাল। বৰুৱাৰ গভীৰ পাণ্ডিত্যৰ চিনাকী স্বৰূপ এই গ্ৰন্থ দুখন হʼল-
(১) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। দশম খণ্ড, ছন্দ : প্ৰকৰণ
(২) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। তৃতীয় খণ্ড,বৰ্ণ আৰু তাৰ পৰিৱৰ্তন, প্ৰথম ভাগ, নানাৰ্থসংগ্ৰহ
       নােৱাখালিত থাকোতেই বৰুৱাই বৰ বেচিকৈ মানসিক পৰিশ্ৰম কৰিছিল। সেই কাৰণে তেখেতৰ শৰীৰ ক্ৰমে দুর্বল হৈ আহিবলৈ ধৰিলে। শেষত ১৮৮৮ চনৰ ডিচেম্বৰ মাহত বৰুৱাৰ গাত পক্ষাঘাত বেমাৰে দেখা দিলে। কামত থাকিয়েই যিমান পাৰে সিমান বেমাৰৰ চিকিৎসা কৰাইছিল। সাগৰৰ পানীত গা ধুলে বেমাৰৰ উপশম হ’ব বুলি ডাক্তৰ সকলে উপদেশ দিয়াত বৰুৱাদেৱে সাগৰত গা ধুবলৈ ধৰিলে। গা ধুৱাৰ পৰা বৰুৱাৰ বেমাৰ কমাৰ বিপৰীতে ক্ৰমে বেছিহে হ’বলৈ ধৰিলে। শৰীৰৰ সোঁফালে সাৰ – সিকতি নােহােৱা হৈ পৰিল। আনে সহায় নকৰিলে নিজে উঠিব বহিব নােৱাৰা হ’ল। উপায়ান্তৰ হৈ ১৮৮৯ চনৰ বৰদিনৰ বন্ধৰ লগতে ২ মাহ কামৰ পৰা ছুটি ল’লে। আৰু কলিকতালৈ গৈ চিকিৎসা কৰাবলৈ সাজু হ’ল। বৰুৱাদেৱৰ হঠাৎ এনে হােৱাত, নােৱাখালিবাসীৰ শােকৰ পাৰ নােহােৱা হ’ল। তেওঁলােকে বৰুৱাৰ আশু-আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত হাতযােৰ কৰি প্রার্থনা কৰিবলৈ ধৰিলে।বেমাৰী অৱস্থাত চিকিৎসাৰ বাবে কলিকতালৈ যােৱা সময়ত বৰুৱাৰ শৰীৰ একেবাৰেই অৱশ। সেই কাৰণে বৰুৱাই নিজে তেখেতৰ কলিকতাৰ পুৰণি বন্ধু তাৰকনাথ পালিতলৈ বেমাৰী অৱস্থাত সহায় কৰিবলৈ বুলি এখন চিঠি লিখে –“মােৰ শৰীৰৰ অৱস্থা ভাল নহয়। চিকিৎসাৰ কাৰণে দুমাহ ছুটী লৈছোঁ। কলিকতালৈ গৈ আপোনাৰ ঘৰতে আশ্রয় ল’মগৈ। মােৰ লৰিব – চৰিব পৰা শক্তি একেবাৰেই নাই বুলিলেও বঢ়াই কোৱা নহ’ব। অনুগ্ৰহ কৰি শিয়ালদহ ষ্টেচনলৈ আহিব, আৰু লগত এখন লেণ্ডোগাড়ী লৈ আহিব, যাতে মই কোনাে কষ্ট নােপােৱাকৈ শুই – মেলি যাব পাৰে।” বৰুৱাৰ চিঠি মতেই পালিতে গাড়ী লৈ নির্দিষ্ট সময়ত শিয়ালদহ ষ্টেচনলৈ আহিল । সেই সময়ত বৰুৱাৰ এনে অৱস্থা আছিল যে, গাড়ীত তােলােতে আৰু নমাওঁতে মানুহে ধৰাধৰি কৰি ডাঙিহে নিব লাগিছিল। বৰুৱাদেৱৰ এনে শােকলগা অৱস্থা দেখি পালিতে বৰ বেজাৰ পালে। থাকিবৰ বাবে পালিতে নিজ ঘৰৰ এটা কোঠালি আজৰি কৰি দিলে। পালিতৰ ঘৰত বৰুৱাক সকলােৱে দেহেকেহে লাগি শুশ্রূষা কৰিছিল। বৰুৱাৰ ইচ্ছানুযায়ী কলিকতাৰ সকলো বিলাক বিখ্যাত কবিৰাজৰ দ্বাৰাই চিকিৎসা কৰাইছিল। কিন্তু সেইবিলাক চিকিৎসাৰ পৰা বেমাৰ অলপো উপশম নহ’ল। তাৰ পাছত ক্রমে জাৰ্মান হােমিওপ্যেথিক ডাক্তৰ চেলেজাৰ, বঙ্গদেশৰ মহেন্দ্ৰলাল সৰকাৰ আৰু কবিৰাজ বিজয়ৰত্ন সেনে চিকিৎসা কৰিছিল। তেওঁ কিন্তু কাৰোৰে পৰা উপকাৰ নেপালে। নিজৰ অভিজ্ঞতা আৰু ডাক্তৰসকলৰ মতামতৰ পৰা তাৰকনাথ পালিতে বৰুৱাৰ জীৱনৰ আশা কম বুলি জানিলে। সেই কাৰণে বৰুৱাৰ সম্পত্তি বিলাক উইল কৰা উচিত বিবেচনা কৰি বৰুৱাক সেই কথা ক’লে। তেতিয়াও বৰুৱাই জীৱনৰ আশা নেৰাৰ কাৰণেই নেকি উইল কৰিবলৈ সন্মত নহ’ল? তেতিয়া পালিতে বৰুৱাৰ কোনাে আত্মীয় স্বজনকে তেওঁৰ ওচৰলৈ মাতিবলৈ স্থিৰ কৰিলে । সেই মতেই বৰুৱাৰ খুৰাক বেণুধৰ উকিললৈ বৰুৱাৰ অৱস্থা বর্ণাই টেলিগ্রাম কৰিলে। বেণুধৰ সেই সময়ত কোনাে এৰাব নােৱাৰা লেঠাত পৰি আহিব নােৱাৰিলে। তেতিয়া বেণুধৰৰ ভতিজাক ৰত্নধৰ কলিকতাত থাকি পঢ়িছিল। বেণুধৰে বৰুৱাৰ ওচৰলৈ যাবলৈ ৰত্নধৰলৈ টেলিগ্রাম কৰিলে। তেতিয়াহে কলিকতাৰ অসমীয়া ছাত্ৰসকলে বৰুৱাদেৱৰ বেমাৰৰ খবৰ পালে।
লাহে লাহে বৰুৱাই গম পালে যে তেওঁ আৰু নাবাচে। তেতিয়াহে তেওঁৰ সম্পত্তি বিলাক উইল কৰিবলৈ মত দিলে। তাৰকনাথ পালিতৰ আগত এই কথা কোৱাত, পালিতে হাই ক’ৰ্টৰ এটণি এন.চি. বােচক উইল লিখাবলৈ মাতি আনিলে। তেখেতে উইলৰ ওপৰৰ শিৰোনামাটো লিখি, বৰুৱাৰ ক’বলগীয়া কথা শুনিবলৈ মুখলৈ চালে। মৃত্যুৰ বেজাৰত বৰুৱাৰ দুগালেদি দুধাৰি চকুলাে গ’ল। বােচে মনৰ দুখতে সেই দিনা উইল লিখিবলৈ স্থগিত ৰাখি, পাছদিনা আহি লিখিম বুলি কৈ গুচি গ’ল। পাছদিনাৰ পৰা বৰুৱাৰ বেমাৰ ক্ৰমাৎ টান হৈ আহিবলৈ ধৰিলে। অসমীয়া ছাত্ৰসকলে দলে দলে আহি বৰুৱাৰ বেমাৰৰ খবৰ ল’বলৈ ধৰিলে। সেই সময়ত বৰুৱাৰ চেতনা প্রায় নােহােৱাৰ নিচিনা। বেণুধৰৰ ভতিজাক ৰত্নধৰে সুধিলে, “আমি সদৌ অসমীয়া ছাত্রই আপােনাক শুশ্ৰূষা কৰিবলৈ পালে ভাল পাম।” উত্তৰত বৰুৱাই ক’লে, “এয়া তােমালােক ইচ্ছা। মই তােমালােকক কেতিয়াও একো উপকাৰ কৰা নাই, সেইবাবে তােমালােকক কোনো কথা অনুৰােধ কৰিবলৈ মােৰ একো অধিকাৰ নাই।” সকলো অসমীয়া ছাত্ৰই বৰুৱাদেৱৰ খা-খবৰ, সেৱা-শুশ্রুষা কৰি দুপৰীয়া আহাৰ কৰিবলৈ দিহাদিহি গ’ল। সেই দিনাৰ বেমাৰ আন দিনাতকে টান যদিও পালিতে বেমাৰৰ উক দিছে বুলিহে ভাবিছিল। আকৌ ভাল হ’ব বুলি ভাবি, তেখেতৰ জৰুৰী মােকৰ্দ্দমা এটা থকাৰ বাবে হাইক’র্টলৈ গ’ল। হাইক’র্ট পৰা ঘূৰি আহি দেখে যে, বৰুৱাৰ শেষ নিশ্বাস পৰিবলৈ আৰু বেছি সময় নাই। পালিতে লৰালৰিকৈ অসমীয়া ছাত্ৰ সকলৰ ছাত্রাবাসলৈ এই খবৰ দি তেওঁলোকক সােনকালে মাতি পঠালে। অসমীয়া ছাত্ৰসকল আহি পােৱাৰ আগতে, ১৮৮৯ চনৰ ১৯ জানুৱাৰী শুক্রবাৰে আবেলি দুই বজাত অসম মাতৃৰ সুপুত্র আনন্দৰাম বৰুৱাই পৰলােকলৈ গতি কৰিলে। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স ৩৯ বছৰেই সম্পূৰ্ণ হােৱা নাছিল। এই খবৰ এক নিমিষতে চাৰিওফালে প্রচাৰ হৈ গ’ল। আবেলি ৫ বজাতহে অসমীয়া ছাত্ৰসকল আহি পালেহি। পালিতে অসমীয়া ছাত্রাবাসলৈ বৰুৱাৰ টান হােৱা বাতৰি পঠাওতেই কলিকতাবাসী সকলােৱে বৰুৱাক চাবলৈ লৰি আহিছিল; কিন্তু তেওঁলাকে আহি বৰুৱাৰ নিৰ্জ্জীৱ শৰীৰটোহে দেখিবলৈ পালেহি।
অসমীয়া ছাত্ৰসকলে বৰুৱাৰ মৃতদেহ আন মানুহক চুবলৈ নিদিলে। যাৰ ঘৰত বৰুৱা ইমান দিন ৰোগ শয্যাত পৰি আছিল, সেই তাৰকনাথ পালিতকো শৱ চুবলৈ নিদিলে। মৰা শৱটোৰ ওপৰত এখন বগা কাপােৰ দি ঢাকি থােৱা হৈছিল। তেনেতে এজন বঙালী ডেকাই ক’লে, “সৌৱা চোৱা বঙ্গৰ গৌৰৱ অন্তিম শয্যাত শায়িত।” এই কথা শুনি অসমীয়া এজনে গৰজি উঠিল আৰু ক’লে, “বঙ্গৰ গৌৰৱ নহয়, এয়া অসম গৌৰৱ অনন্ত শয্যাত নিমগ্ন।” মৰা শৱ সমুখত লৈ অসমীয়া আৰু বঙালী দুয়ো দলৰে তৰ্ক -বিতর্ক হ’বলৈ ধৰিলে। তেনেতে এজন বঙালী ঠিকাদাৰে ক’লে, “নহয়, এয়া এজন ভাৰত গৌৰৱ মহাপুৰুষ অনন্ত নিদ্ৰাত নিমগন।” ঠিকাদাৰ জনে কোৱা কথাষাৰেই প্রকৃত সত্য। কাৰণ বৰুৱাই চকাৰৰ চাকৰি কৰিহে অসম আৰু বঙ্গৰ যি পাৰে উপকাৰ কৰিছিল, আনফালে ভাৰতৰ উন্নতিৰ হকে নিজৰ শৰীৰটোকো আওকান কৰি, সংস্কৃত ভাষাত যি দান দি গ’ল, সেই দানৰ বাবেই তেখেতৰ নাম ভাৰতত নেলাগে সমগ্ৰ পৃথিৱীতে অমৰ হৈ ৰ’ল। আনন্দৰামক সুঁৱৰি তেওঁ বাতৰিকাকতত বক্তব্য প্ৰকাশ কৰিছিল। পাণ্ডিত্যৰ লগতে অসমীয়া জাতিপ্ৰেম, নীতিনিষ্ঠ কৰ্মপ্ৰণালী, অধ্যৱসায়, আত্মসন্মানক উচ্চ স্থান, মানৱতাবাদী আদৰ্শৰ বাবেও আনন্দৰাম বৰুৱা অসমীয়াৰ বাবে চিৰস্মৰণীয় আৰু আদৰ্শ ব্যক্তিত্ব।
       ড° সূর্য কুমাৰ ভূঞাৰ ভাষাত –“আনন্দৰাম বৰুৱা বৃটিছ আমােলৰ সর্বশ্রেষ্ঠ ‘অসম সন্তান। ইয়াৰ মূল কাৰণ, তেওঁৰ গাত এটা লক্ষণ আছিল সেইটো অইন অসমীয়াৰ গাত নাই, এয়ে হৈছে তেওঁৰ একাগ্রতা। অতি কোমল বয়সতে তেওঁ যি জ্ঞানৰ অমৃত-পানত মন দিলে মৃত্যুৰ কাললৈকে তাৰ পৰা তেওঁ মূৰ দঙা নাছিল। নিজৰ জ্ঞানার্জনতত কিবা বিঘিনি ঘটে বুলি তেওঁ বিয়াকে কৰা নাছিল। তেওঁৰ একাগ্ৰতাৰ কাৰণে তেওঁ ইমান দায়িত্ব থকা মেজিষ্ট্রেটৰ কাম কৰিও গ্রন্থ ৰচনাৰ কাৰণে সময় পাইছিল।”
“আনন্দৰাম বৰুৱাৰ ভিতৰুৱা জীৱন কেনে আছিল তাৰ বিষয়ে সবিশেষ জানিবৰ উপায় নাই। তেওঁ বৰ গম্ভীৰ প্ৰকৃতিৰ মানুহ আছিল, কাৰাে লগত বৰকৈ মাতবোেল নকৰিছিল। তেওঁৰ নিজা পণ্ডিত সভা আছিল। পণ্ডিত-মণ্ডলীৰ লগত সাহিত্য আলােচনা কৰােতেই তেওঁৰ বেছিভাগ সময় গৈছিল। এই পণ্ডিত সভাৰ অন্যতম সভ্য আছিল পণ্ডিতপ্রবৰ মহামহােপাধ্যায় অন্নদাচৰণ তর্ক চূড়ামণি। এওঁলােকৰ প্রত্যেককে তেওঁ মাহে এশ-ডেৰশ টকা কমে বানচ নিদিছিল।”
“আনন্দৰাম বৰুৱা ঢুকাওঁতে অসমত এটা ভীষণ হাহাকাৰ শুনা গৈছিল। ভাৰতৰ অন্যান্য ঠাইতাে সকলােৱে আক্ষেপ কৰিছিল এনে বহুমূলীয়া জীৱনটি অকালতে কালে হৰি নিলে। চাৰ গুৰুদাস বন্দোপাধ্যায়ে তেওঁৰ প্রিয়তম ছাত্ৰৰ বিয়ােগ বার্তা শুনি কান্দি পেলাইছিল। ষ্টেটমেন, বেঙ্গলী, ইণ্ডিয়ান মিৰাৰ প্রভৃতি কাকতত তেওঁৰ বিয়ােগ বাতৰি প্ৰচাৰ কৰা হৈছিল। তাৰ পাছত বছৰত ইউনিভাৰচিটিৰ বছেৰেকীয়া অধিৱেশনত উপাচার্য গুৰুদাস বন্দোপাধ্যায়ে তেওঁৰ বক্তৃতাত শােক প্রকাশ কৰে। বংগৰ সুপ্রসিদ্ধ লেখক ঠাকুৰ দাস মুখােপাধ্যায়ে সাহিত্যত বিশেষভাৱে দুখ কৰি প্ৰৱন্ধ লিখে, কেমব্রিজৰ অধ্যাপক বৃটিছ মিউজিয়ামৰ এজন সম্পাদক আৰুবৰুৱাদেৱৰ বিশেষ বন্ধু মিঃ চেচিল বেণ্ডেলে ‘ট্রৱনাৰ্চ ৰিকৰ্ড’নামে কাকতত বৰুৱাদেৱৰ প্ৰতিভাৰ আলােচনা কৰি দীঘল প্ৰৱন্ধ লিখে।”
লম্বােদৰ বৰাৰ ভাষাতঃ আনন্দৰাম বৰুৱা অসমীয়াৰ আৰ্হি, পথ দেখাওঁতা— নতুন আৰু পুৰণিৰ সামঞ্জস্য লগােৱাৰ জ্বলন্ত দৃষ্টান্ত। তেওঁ এজননীৰৱ সাধক আছিল। জ্ঞান অর্জনেই আছিল তেওঁৰ জীৱনৰ সাধনা। কিতাপেই আছিল তেওঁৰ জীৱনৰ প্রিয় সংগী। জীৱনৰ শেষৰ ফালে তেওঁ হয়তাে অসমত থকাৰ হেঁপাহ কৰিছিল। সেইবাবেই তেওঁ মাণিক চন্দ্ৰ বৰুৱাৰ সৈতে যুটীয়াভাৱে মঙলদৈৰ ওচৰৰ কলাইগাঁও চাহবাগিচাখন কিনাৰ বাবে যাে-জা কৰিছিল। কিন্তু মৃত্যুৱে তেওঁক সেই আশা পূৰণ কৰিবলৈ নিদিলে।
যি কি নহওঁক, আনন্দৰাম বৰুৱা আমাৰ অসমৰেই নহয়; ভাৰতৰো গৌৰৱ। তেওঁৰ জন্মদিনত তেওঁক অৰ্থাৎ ২১ মে দিনা তেওঁক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰিছোঁ।।
সুশান্ত দাস,
শিৱসাগৰ