ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী কৰʼনাত আক্ৰান্ত

pc The Guardian

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী কৰʼনাত আক্ৰান্ত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী কৰʼনাত আক্ৰান্ত। ইংলেণ্ডৰ অʼভেলত টীম ইণ্ডিয়াৰ সৈতে থকা ৰবি শাস্ত্ৰী কৰʼনাত আক্ৰন্ত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে তেওঁক আইছʼলেচনত ৰখা হৈছে। অʼভেল টেষ্ট চলি থকাৰ সময়তে প্ৰশিক্ষকগৰাকীয়ে কৰʼনাত আক্ৰান্ত হোৱাটো টীম ইণ্ডিয়াৰ বাবে অস্বস্তিকৰ বিষয় হৈ পৰিছে। ৰবি শাস্ত্ৰী কৰʼনাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা তিনিগৰাকী ছাপʼৰ্ট ষ্টাফকো আইছʼলেচনত ৰখা হৈছে। বি চি চি আয়ে প্ৰকাশ কৰা অনুসৰি আইছʼলেচনত থকা তিনিগৰাকী হʼল বলিং প্ৰশিক্ষক ভাৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ আৰু দলটোৰ ফিজিঅʼথেৰাপিষ্ট নীতিন পেটেল।

(RT.)