ভাৰতীয় টকাৰ মূল্য বৃদ্ধি

Pc The Hindu

ভাৰতীয় টকাৰ মূল্য বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ডলাৰৰ বিপৰীতে ক্ৰমান্বয়ে শক্তিশালী হৈছে ভাৰতীয় টকা ৷ শেহতীয়াকৈ একেৰাহে বৃদ্ধি পাবলৈ ধৰিছে ভাৰতীয় মুদ্ৰাৰ দাম। ইতিমধ্যে যোৱা ৮ মাহৰ ভিতৰত সর্বোচ্চ স্তৰত উপনীত হৈছে এই দেশৰ টকা। ফলত চলিত বিত্তীয় বৰ্ষৰ (২০২৬-২৭) যাৱতীয় লোকচান পূৰণ কৰিবলৈ সক্ষম হৈছে টকাই। বুধবাৰে টকাৰ মূল্য ৬৯ পইচা বৃদ্ধি হৈ এক ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ৯২.১৬ উপনীত হয় ৷ বৈদেশিক মুদ্ৰা ব্যৱসায়ীসকলে জনোৱা মতে, যদিও আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত টকাৰ মূল্য ৯২.৬৫ স্তৰত মুকলি হৈছিল কিন্তু লেনদেনৰ শেষত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ৬৯ পইচা বৃদ্ধি পাই এক ডলাৰৰ বিপৰীতে ৯২.১৬ স্তৰত উপনীত হয় । উল্লেখ্য যে, চলিত বৰ্ষৰ ৮ অক্টোবৰত পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকা সৰ্বোচ্চ ৯৬.৮৮ স্পৰ্শ কৰিছিল ৷ কিন্তু ১৩ নৱেম্বৰত সেই ৰেকৰ্ডৰ পৰা হ্ৰাস পাই এক ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ৯৪.১৯ হৈছিল ৷ ক্ৰমান্বয়ে ২৫ নৱেম্বৰত এক ডলাৰত ৯২.১৬ টকাত উপনীত হয় ৷  টকাৰ মূল্য বৃদ্ধি পোৱাত অচিৰেই অধিক হ্রাস পাব আমদানি ব্যয়। কোৱা বাহুল্য যে কম ব্যয় কৰি বেছি পণ্য ক্ৰয় কৰিবলৈ সক্ষম হ’ব নতুন দিল্লীয়ে। ২৩ নৱেম্বৰ সোমবাৰে যোৱা ৭ মাহৰ সর্বোচ্চ স্তৰৰ পৰা ডলাৰৰ বিপৰীতে তললৈ নামি যায় ভাৰতীয় টকা। সেইদিনাই ০.২৩ টকা কমি ৯২.৮৫ হয়গৈ টকাৰ মূল্য। মঙলবাৰে গুৰুনানকৰ জন্মদিন উপলক্ষে আন্তঃবেংক বাণিজ্যিক মুদ্রা বজাৰ বন্ধ আছিল। তাৰ পিছত মার্কিন মুদ্ৰাৰ নিৰিখত এইবাৰ পুনৰ বৃদ্ধি পালে টকাৰ মূল্য। যোৱা ১৩ নৱেম্বৰত ১ ডলাৰৰ বিপৰীতে ৯৪.১৯ হৈছিলগৈ ভাৰতীয় টকাৰ মূল্য। সেইদিনাৰে পৰা একেৰাহে পাঁচটা লেনদেনৰ সত্ৰত ১.৬ শতাংশৰো বেছি শক্তিশালী হয় টকা। এই বছৰৰ ৮ অক্টোবৰত সৰ্বকালৰ নিম্নস্তৰলৈ নামি যায় টকাৰ মূল্য। শেহতীয়া ৭টা সপ্তাহত সেই ৯৬.৮৮ স্তৰৰ পৰা প্ৰায় ৫ শতাংশ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দেশখনৰ টকাৰ মূল্য। ডলাৰৰ নিৰিখত টকাৰ শক্তি বৃদ্ধিৰ আঁৰত একাধিক কাৰণ বিচাৰি পাইছে অর্থনৈতিক বিশ্লেষকসকলৰ একাংশই। তেওঁলোকৰ দাবী যে মার্কিন বণ্ডৰ সুতৰ হাৰ আৰু য়িল্ড কমা সত্ত্বেও ভাৰতীয় শ্বেয়াৰ বজাৰত একেৰাহে বিনিয়োগ কৰিছে বিদেশী বিনিয়োগকাৰীসকলে। তদুপৰি বিশ্বৰ বজাৰত হ্রাস পাইছে অপৰিশোধিত তেলৰ দাম। বর্তমান প্রতি বেৰেলত ৯০ ডলাৰৰো তললৈ নামি আহিছে এই দাম। ফলত মার্কিন মুদ্রা কিনিবলগীয়া হোৱা নাই নতুন দিল্লীয়ে। ইয়াৰ ফলত শক্তি বৃদ্ধি কৰিব পাৰিছে টকাই।