ভাৰতত ৪,০৪৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,০৪৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৫ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৮,৩৭০ জনলৈ বৃদ্ধি হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত ৪,৬৭৬জন লোক ভাৰতত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৭,৩৭৯ জন।দৈনিক পজিটিভৰ হাৰ ১.৩৭%।