ভাৰতত নতুনকৈ ২৯৩ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু 

Pc Cleveland Clinic

ভাৰতত নতুনকৈ ২৯৩ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৬,৩৫৮ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। আৰু দেশখনত নতুনকৈ ২৯৩ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮০,২৯০জনলৈ বৃদ্ধি পাইছে। ৬,৪৫০ জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশত বৰ্তমান ৭৫,৪৫৬টা সক্ৰিয় ঘটনা আছে।