ভাৰতত দৈনিক পজিটিভৰ হাৰ ১৯.৫৯% লৈ বৃদ্ধি

P.c Nature

ভাৰতত দৈনিক পজিটিভৰ হাৰ ১৯.৫৯% লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি  ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৮৬,৩৮৪ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। দেশখনত যোৱা ২৪ ঘণ্টাত ৫৭৩ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯১,৭০০ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ২২,০২,৪৭২ টা সক্ৰিয় ঘটনা আছে। আনহাতে ভাৰতত দৈনিক পজিটিভৰ হাৰ ১৯.৫৯% লৈ বৃদ্ধি হৈছে।