ভাৰতত অব্যাহত কৰʼনাৰ সংক্ৰমণ 

pc- Vaisala

ভাৰতত অব্যাহত কৰʼনাৰ সংক্ৰমণ 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা মতে ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,৭২৯ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ২২১ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ মৃত্য হোৱা লোকৰ সংখ্যা ৪,৫৯,৮৭৩ জন লৈ বৃদ্ধি হয়। দেশত এতিয়া লৈ ৩,৪৩,৩৩,৭৫৪ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত বৰ্তমান ১,৪৮,৯৩৩ টা সক্ৰিয় ঘটনা আছে।