ভাল লগা সন্ধ্যাবোৰ… – নন্দেশ্বৰ মিলি

p.c- Shutterstock
ভাল লগা সন্ধ্যাবোৰ…

ভাগৰি লগা সময়বোৰ

পাহৰিবৰ বাবে
একাপ ফিকা চাহত চুমুক দি
তোমাৰ স’তে কটোৱা এসন্ধ্যাৰ
আমেজেই সুকীয়া।
কলঙৰ দলঙৰ ৰেলিঙত বহি
দেৱকান্তৰ কবিতা অথবা মহিম বৰাৰ গল্প পঢ়াৰ ছলেৰে
শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীবোৰ চাই থাকিলে
নাহৰ দেশৰ অথবা কৃষ্ণচূড়া দেশৰ
সেই পুৰণি বেমাৰে উক দিয়ে।
নেহেৰুবালি বাকৰিত সন্ধ্যাবোৰ
ক্ৰমশঃ জীপাল হৈ উঠে
যেতিয়া ৰঙচুৱা বেলিটিয়ে
হাঁহি হাঁহি দিনটোৰপৰা মেলানি মাগে।
…………………………………………..
নন্দেশ্বৰ মিলি