ভাল লগাৰ পৰা ভাল পোৱালৈ- মানসী মিশ্ৰ

pc. psychology today

ভাল লগাৰ পৰা ভালপোৱালৈ

আঘোণৰ নিয়ৰত তিতি
যদি এবাৰো হাঁহিব পাৰিলোঁহেতেন
পথাৰৰ সোণালীবোৰ…..
মুঠি মাৰি ধৰিলোঁহেতেন
আৰু …… আৰু….
হয়টো আঁকি পেলালোঁহেতেন…
নীলা আকাশৰ বুকুত
তোমাৰেই ছবিখনি
শব্দবোৰ বুটলি আনিলো হয়….
সৌখন বহল পথাৰৰ বুকুৰ পৰা..
হৃদয়ৰ খাজে খাজে সোমাই থকা
মুকুতা মুকুতা যেন লগা শব্দবোৰ
তুমি অহা যোৱা কৰা বাটটোৰ পৰা
আৰু ভাববোৰ! এৰা তুমি জানাই
হয়টো ভাববোৰ বান্ধিলোহেঁতেন
মোৰ ৰঙা আচলৰ ৰিহাৰ ভাঁজত

মানসী মিশ্ৰ