ভাওনা : এক‌‌ অনুভৱৰ গাঁথা- কৰবী ভুঞা

Pc- asomiya pratidin

ভাওনা : এক‌‌ অনুভৱৰ গাঁথা

 

“ A nation without a cultural heritage is an like an orphan who has nothing to feel capon…”

                                                            – R.W.Emerson

    সমাজ এখন সুস্থভাৱে ব্ৰতি থাকিবলৈ নিজস্ব ‌সাংকৃতিক পৰম্পৰা অতিশয় প্ৰয়োজনীয়। অসমীয়া ‌জাতিক‌ বিশ্ব দৰবাৰত তুলি ধৰা বহু কৰ্মৰ ভিতৰত মহাপুৰুষ দুজনাৰ অমৰসৃষ্টি ভাওনাৰ প্ৰাসংগিকতা উল্লেখযোগ্য। অপসংস্কৃতি বিনাশ‌‌ কৰি সুন্দৰৰ‌ সাধনাৰে‌ বৈকুণ্ঠৰ পৰা বোৱাই আনিছিল সংস্কৃতিৰ বন্যা। সৰ্বকালৰ শ্ৰেষ্ঠ কলাকাৰ মহাপুৰুষ ‌শংকৰদেৱে নৱ-বৈষ্ণৱ ভক্তি আন্দোলনৰ মূল আহিলা ‌হিছাপে ‌ভাওনাক বাছি লৈছিল।‌গুৰুজনাৰ হাতত সৃষ্টি হোৱা অংকীয়া নাটসমূহৰ উদ্দেশ্য আছিল একতা এনাজৰীৰে সকলোকে বান্ধি ৰখা। “ধন্য নৰতনু ভাল”চিৰশ্বাশ্বত বাণী সাৰোগত কৰি একোজন‌ প্ৰকৃত মানুহ গঢ় দিয়াৰ প্ৰয়াস কৰিছিল।এক কথাত ‌ভাওনা‌ হৈছে বিভিন্ন শিল্প গুণৰ এক গতিশীল মাত্ৰা।

   নাটক হৈছে সৰ্বশাস্ত্ৰ। শিল্প, কৰ্ম সমিলমিলেৰে‌ সৃষ্ট হোৱা এক কলা । এই কলাক দৰ্শনৰ হকে‌ দিয়া দৃশ্য-শ্ৰব্য মাধ্যমেই হৈছে অভিনয়। ভাওনা হৈছে মহাপুৰুষজনাৰ মহত্বপূৰ্ণ উদ্দেশ্যেৰ এক‌ মনোৰঞ্জন ধৰ্মী কাৰ্য। ভাওনা মূলতঃ নৃত্য,গীত আৰু অভিনয়ৰ মাজেৰে দৰ্শক শ্ৰোতাৰ মন‌ জয় কৰি‌ বিমল আনন্দ প্ৰদান কৰা‌ উপকৰণ।নৱৰসৰ‌ সমাহাৰ‌ৰ মাজেৰে অসমীয়া সমাজৰ‌ কু-সংস্কাৰ‌ ,অন্ধবিশ্বাস আদি‌ কবলৰ‌ পৰা উদ্ধাৰ  কৰা এক উদ্ধমুখী গতি। ভাস্কৰ্য,স্হাপত্য কলাৰ মাজেদি চিহ্নযাত্ৰা চিত্ৰপট অংকনৰ যোগেদি সুকুমাৰ ‌কলাৰ বিকাশৰ পথ‌ প্ৰশস্ত কৰিছিল। গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ মতে –“ কলা‌ বুলিলে অনুকৰণক‌ বুজায়”। সেয়ে ভাওনা এবিধ কলা অনুকৰণলব্ধ উপস্থাপনৰ এক‌ অনন্য ৰূপ।

   সময় পৰিবৰ্তনশীল। গতিশীল সময়ৰ ধামখুমীয়াত সমাজৰ প্ৰতি দিশতে আধুনিকতাৰ ‌বতাহে‌ চুই গ’ল। শৈশৱ, কৈশোৰ আৰু‌ যৌৱনৰ সোনালী দিনবোৰ আলোড়িত কৰিছিল আমাৰ গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা‌‌ প্ৰতিখন ভাওনাই। বছৰত কমেও দুবাৰকৈ আমাৰ গাঁৱৰ সকলো মিলি এই‌ সৃষ্টিশীলতাৰ ভাওনা অনুষ্টিত কৰিছিল। ভাওনা আখৰা পৰ্বৰপৰাই আমাৰ মনবোৰ সাতখন আঠখন হৈ পৰিছিল। বুজি‌ পোৱা নোপোৱা বসয়ৰ পৰাই ভাওনা‌ প্ৰতি‌ এক অবুজ টান‌ আছিল। কিন্তু ‌পৰিবৰ্তনে আমাৰ গাঁওসমূহতো বহুলভাৱে প্ৰভাৱ পেলায়। আধুনিকতাৰ পৰশত ভাওনাও হৈ‌ পৰিল প্ৰতিযোগিতাৰ সমল। ভাওনা ‌সংস্কৃতিত পৰম্পৰাগত সুৰ‌ লয় আদিতো নতুনত্ব আহিল। সুস্থ পৰিবৰ্তন সকলোৰে কাম্য,মাথো বিকৃত আৰু অতিৰঞ্জিতাই আমাৰ‌ সমাজ,সংস্কৃতিক হেয় কৰি তোলে।বিচাৰয্যোগ্য যে ব্যস্ততাৰ মাজত আগৰ‌ দৰে এটা‌ সম্পূৰ্ণ ৰাতি টোপনি খতি কৰিবলৈ ‌আমি অসমৰ্থ, তথাপিও আমি আমাৰ সংস্কৃতিৰ বৰপেৰাটো সাধ্য,সময় অনুসাৰে মোকলাই‌ চোৱা-চিতা কৰাটো আমাৰ কৰ্তব্য তথা দায়িত্ব।

    সংস্কৃতি বোৱতি নদীৰ দৰে। একেদৰে ভাওনা সংস্কৃতি আৰু অসমীয়া ‌সমাজৰ‌ নিৱিড় সম্পৰ্কটো তুলনাবিহীন। প্ৰান্তত কাম্য কৰো নৱপ্ৰজন্মৰ প্ৰতিজনে  আমাৰ সংস্কৃতিৰ মূল সুঁতিটোক হেৰাই যাবলৈ নিদি সগৌৰৱে সকলোতে বৰ্তাই‌ নিয়াত নেতৃত্ব ল’লে আমিবোৰে সবল সংস্কৃতি ভৱিষ্যতৰ কাৰণে বৰ্তাই ৰাখিব‌ পাৰিমহ’ক।

     কৰবী ভুঞা

     মুৰফুলনী‌ বাগান গাঁও, গোলাঘাট