বৰাক ভেলীৰ ভ্ৰমণসূচীৰ সামৰণি মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc Facebook
বৰাক ভেলীৰ ভ্ৰমণসূচীৰ সামৰণি মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ
দুদিনীয়া বৰাক ভেলীৰ ভ্ৰমণসূচী সামৰি মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ এই দুয়োটা দিনতেই আলোচনা হোৱা বিভাগীয় সকলো কাৰ্যপন্থা বিষয়ববীয়া সকলে নিয়াৰিকৈ পালন কৰি জিলা দুখনৰ সামগ্ৰিক উন্নতি সাধন কৰিব বুলি মই আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই দুদিনীয়া বৰাক ভেলী ভ্ৰমণত আটাইতকৈ স্মৰণীয় মুহূৰ্ত হ’ল এগৰাকী পঞ্চায়ত সভাপতিয়ে তেখেতক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখনি ফটো উপহাৰ হিচাবে দিয়ে আৰু দ্বিতীয়তে দুয়োখন জিলাতে বিভাগীয় সভা আৰম্ভ হোৱাৰ প্ৰাক্ক্ষণত জাতীয় সংগীত পৰিবেশন কৰা হয় ৷ এই দুয়োটা কথা মানসপটত যুগমীয়া হৈ থাকিব বুলিও উল্লেখ কৰে তেওঁ। জাতীয় সংগীত পৰিবেশনেৰে সভাৰ শুভাৰম্ভ কৰা পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁ প্ৰকাশ কৰি কয়, “ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় ৷”