বৰদৈচিলা- আস্মা ইয়াছমিন

বৰদৈচিলা 
                  আস্মা ইয়াছমিন (ৰাণী) 
তোমাৰ অভিমানত কঁপি উঠে ফাগুন,
পলাশ, মদাৰ, কৃষ্ণচূড়াই
নিজস্বতা হেৰুৱায়…
ফাকুগুৰিৰ ৰঙে প্ৰেমৰ সুবাস নানে
বৰণ সলাই ধূলিৰ ৰূপ লৈ…
ব’হাগত নাচি নুঠে মতলীয়া যৌৱন,,
 নতুনৰ ৰহন সনা কুঁহিপাতবোৰ
 ধৰাশায়ী হৈ তোমাৰ ৰুক্ষতাৰ পাকত
নীলাৰ বুকুত কপাহী আঁচল উৰুৱাই
ভালপোৱা শুকুলা মেঘ চপৰাও
অসুখী হয়…
গৰ্জি উঠে প্ৰথমবাৰৰ বাবে…
প্ৰকৃতি কঁপাই তোলে…
নতুন নতুন ভাবনাই বেৰি থকা বুকুবোৰে
কুহুমীয়া ভয় এমুঠি কঢ়িয়াই ফুৰে…
কি ৰূপ লৈ আহাই বা তুমি…
মাৰ ঘৰলৈ…!
আকৌ যাওঁতেই বা কি ৰূপ লৈ যোৱা
কাৰোবাৰ সপোন, আশা সৰ্বস্বান্ত কৰি
বুকুবোৰ মহতিয়াই থৈ…!