ব্ৰিটেইনৰ পৰ্ণ’ ছবিৰজগতৰ সৈতে বলিউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ সৰ্ম্পক

pc- Times of India

 ব্ৰিটেইনৰ পৰ্ণ’ ছবিৰজগতৰ সৈতে বলিউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ সৰ্ম্পক

অনলাইন বাৰ্ত্তাসেৱা–  ব্ৰিটেইনৰ পৰ্ণ’ ছবিজগতৰ সৈতে বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ সম্পৰ্ক আছিল। পৰ্ণ’ ছবি নিৰ্মাণৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজ কুন্দ্ৰাক আদালতত হাজিৰ কৰোৱাৰ পিছত ২৩ জুলাই পৰ্যন্ত জেৰাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰিজৰ সৈতে লণ্ডনস্থিত কেনৰিন নামৰ প্ৰতিষ্ঠানটোৰ সম্পৰ্ক আছিল। এই কেনৰিনেই হৈছে পৰ্ণ’গ্ৰাফী ছবি প্ৰকাশ কৰা হটশ্বট এপৰ গৰাকী। এই কোম্পানীটো যদিও লণ্ডনত পঞ্জীয়নভুক্ত  ইয়াৰ কাম কাজ পৰিচালিত হয় ৰাজ কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰিজৰ জৰিয়তে। কেনৰিন নামৰ প্ৰতিষ্ঠানটো কুন্দ্ৰাৰ ভনী জোঁৱায়েকৰ। দুয়োগৰাকীৰ মাজত বাণিজ্যিক সম্পৰ্ক থকাৰ বহু তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাৰ মুম্বাইৰ কাৰ্যালয়ত চলোৱা অভিযানৰ পাছত আৰক্ষীয়ে একাংশ পৰ্ণ’ ছবিৰ সবিশেষ তথ্য আৰু হোৱাটছ এপৰ গ্ৰুপৰ তথ্য লাভ কৰে বুলি আৰক্ষীয়ে । আৰক্ষীয়ে কুন্দ্ৰাৰ লগতে তেওঁৰ  আই টিৰ মুৰব্বী ৰিয়ান থৰ্পেকো গ্ৰেপ্তাৰ কৰে।  অৱশ্যে আৰক্ষীয়ে এই গোচৰৰ চাৰ্জশ্বিট এপিল মাহতে দাখিল কৰিছে যদিও তথ্য-প্ৰমাণ সংগ্ৰহৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰাত বিলম্ব হয়।  মালৱানি আৰক্ষী কেন্দ্ৰত দুগৰাকী মহিলাই আৰু লুনাৱালা আৰক্ষী কেন্দ্ৰত এগৰাকী মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত পৰ্ণ’ ছবিৰ নিৰ্মাণ চক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

(R.T)