বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন

বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-   বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্য্যসূচীৰে মহানগৰীৰ লাষ্টগেটস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শাখাৰ সভানেত্ৰী ডাঃ মাকণ শৰ্মাই। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই। ডাঃ মাকণ শৰ্মাই সভাপতিত্ব কৰা মুকলি সভা আৰম্ভ হয় শাখাৰ সদস্যা সকলৰ উদ্বোধনী গীতেৰে। প্ৰতিভা বৰা সম্পাদিত শাখাৰ মুখপত্ৰ ’উত্তৰণ’ উন্মোচন কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী তথা মুখ্য উপদেষ্টা, সাহিত্য একাডেমী বঁটা প্ৰাপক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। সন্মানিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্টা কবি তথা লেখিকা সংস্থা অসমৰ সদস্যা মীৰা ঠাকুৰে। সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদিকা বিজয়া দেৱ দাস, কোষাধ্যক্ষা জুৰি বৰুৱা,পত্ৰিকা সম্পাদিকা বিন্দু ডেকা চৌধুৰী, সহকাৰী সম্পাদিকা ত্ৰিবেণী মজুমদাৰ, সাংগঠনিক সম্পাদিকা অঞ্জলিকা গোস্বামী চৌধুৰী, মৃণালী ভৰালী, সহকাৰী পত্ৰিকা সম্পাদিকা উৎপলা বৰাকে প্ৰমুখ্য কৰি গুৱাহাটীস্থ শাখা সমূহৰ বিষয়ববীয়া উপস্থিত থাকে।সভাত আঞ্জুম আৰা হুছেইনে স্বৰচিত কবিতা পাঠ কৰে আৰু নিভা শৰ্মাই গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে। শলাগৰ শৰাই আগবঢ়ায় অঞ্জনা দাস হাজৰিকাই। অধিৱেশনে আগন্তুক কাৰ্যকালৰ বাবে সভানেত্ৰী ডাঃ মাকণ শৰ্মা আৰু সম্পাদিকা নিজৰা জন্নত নেতৃত্বাধীন পূৰ্বৰ সমিতিখনকে  বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।