বীৰ লাচিত সেনা,সৰুপথাৰ সমিতিৰ বিকলাংগ ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত সাহাৰ্য প্ৰদান

বীৰ লাচিত সেনা,সৰুপথাৰ সমিতিৰ বিকলাংগ ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত সাহাৰ্য প্ৰদান

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  বীৰ লাচিত সেনা,সৰুপথাৰ আঞ্চলিক সমিতিয়ে বৰপথাৰ স্থিত ধৰমশক্তি মনোবিকাশ সংস্থান ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহাৰ্য সামগ্ৰী প্ৰদান কৰে।বীৰ লাচিত সেনাৰ সমিতিখনে সংস্থান খনৰ বিকলাংগ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত খোৱা-বোৱা, কাপোৰ, আলনা আদি সামগ্ৰী বিতৰন কৰে।সংস্থানৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ পৰিচালক ৰাজু শইকীয়াই জনোৱা অনুসৰি বৰ্তমান সংস্থানত অসমৰ বিভিন্ন ঠাইৰ লগতে বহি: ৰাজ্য ৰাজস্থান,অৰুণাচল আদি ঠাইৰ ১৫ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰি আছে।২০০৩ বৰ্ষতে স্থাপিত সংস্থান খনত বৰ্তমান নিৰাশ্ৰয় আস্থা আশম নামৰে আশ্ৰয় হীণ লোক সকলৰ বাবে এখন আশ্ৰম স্থাপন কৰিছে।আজি এই আশ্ৰম খনত থকা ককা-আইতা সকলৰ মাজতো খোৱা সামগ্ৰী,কাপোৰ,আঠুৱা বিতৰন বীৰ লাচিত সেনাৰ সমিতি খনে।ইপিনে পৰিচালক জনে বীৰ লাচিত সেনাৰ সৰুপথাৰ আঞ্চলিক সমিতি খন এনে কাৰ্যক শলাগ যাচে।